script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js">
banner image

চিৰ বিদায়

চিৰ বিদায়
----------------
চোহেল আৰু নীলা দুয়ো বহি আছে চিত্রলেখা উদ্যানত ৷
চোহেলে  বুজিব পাৰিছে    যে যোৱা ৩ বছৰ ধৰি তাৰ লগত নীলাই ভালপোৱাৰ নাটক কৰি আছে ৷
চোহেল :- তুমি হঠাৎ মনে মনে কিয় ?
নীলা :- নাই , এনেই ! আচলতে……
চোহেল :- আছলতে কি ?
কিবা ক'বা নে ?
নীলা :- নাই ৷
অলপ সময় পিছত নীলাই দেখিলে যে তাইৰ বাল্যকালৰ বান্ধৱী  কেইজনীমান আহি আছে ৷
সিহঁতক দেখিয়ে তাই দৌৰি সিহঁতৰ ওচৰলৈ  গ'ল আৰু সিহঁতক তাই ফুচকা খোৱালে ৷
কিন্তু নীলাই তাইৰ বেগখন পাহৰি থৈ যায় চোহেলৰ ওচৰত ৷
অলপ সময়ৰ পিছত নীলাৰ মোবাইলত এটি বার্তা আহিল লগে লগে চোহেলে বেগৰ পৰা মোবাইলখন ওলাই বার্তাখন চালে ৷
বার্তাখনত লিখা আছিলে… …
" চোহেলক এৰি মোৰ ওচৰত আহি যোৱা নীলা, সি তোমাক যি দিছে মই তাতকে বেছি তোমাক দিম ৷
তোমাক সকলো সুখ দিম ৷ "
এই বার্তাখন আছিলে এজন ল'ৰাৰ ৷
চোহেলে বার্তাখন দেখিয়ে আচৰিত হৈ বহি গ'ল ৷
তাৰ পিছত দেখিলে যে আজি বহুত দিন ধৰি নীলাই  এই ল'ৰাজনৰ   লগত কথা পাতি আছে আৰু সিহতৰ বিয়া ও প্রায় ঠিক ৷
চোহেলৰ সন্মুখত আহি নীলাই ক'লে… …
" এতিয়াওঁ তুমি কি কৰিছা ইয়াত  ? আৰু এনেকে আচৰিত হৈ আছা কিয় ?
চোহেল :- নাই, একো নহয় ৷
ব'লা এতিয়া ঘৰত যাওঁ ৷
পিছদিনাখন চোহেলৰ মোবাইলৰ পৰা এটি বার্তা গ'ল নীলাৰ মোবাইলত ৷
বার্তাখনত লিখা আছিলে…
" নীলা মই তোমাৰ কাৰণে অপেক্ষা কৰিম সেইটো ধুনীয়াত ,
তুমি যাকে লৈ সুখী   হ'ব  পাৰা তাকে লৈ সুখত থাকা ৷
মই ৰেল ষ্টেছনত শুই আছো
যদি তুমি পাৰা তেতিয়া শেষ এবাৰ চাই যাবা মোক  ৷
নীলাই ভয়ত কান্দি - কান্দি ষ্টেচনৰ ওচৰত  গৈ দেখিলে যে চোহেল আৰু নাই ৷
ৰক্তাত্ত তাৰ দেহাটো পৰি আছে ষ্টেচনৰ  কাষত  ৷
তাৰ হাতত এখন  চিঠি  ৷
নীলাই চিঠিখন লৈ পঢ়িলে ৷
চিঠিখনত লিখা আছিলে…
" মই গ'লো নীলা কিন্তু মনত ৰাখিবা যিয়ে নহওঁক কিয় মোৰ নিচিনা কোনেওঁ তোমাক ভালপাব নোৱাৰে ৷
মই যদি জীয়াই থাকো তেতিয়া অলপ ও শান্তি নাপাম কাৰণ তুমি আনএজনৰ হৈ যাবা ৷
তুমি মোৰ হৈ থাকিবা নীলা , তোমাৰ ভালপোৱাই আজি মোক শেষ কৰি দিছে নীলা ৷
তোমাৰ ভালপোৱা আৰু মোৰ যন্ত্রণাই মিলি মোক শেষ কৰি দিছে তাৰপিছত ও তোমাক ভালপাঁও নীলা আৰু তোমাকেই  ভালপাই থাকিম ৷
ভালে থাকিবা ,
চিৰ বিদায় নীলা ,
ইতি
------------------
তোমাৰ চোহেল
-
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷

চিৰ বিদায় চিৰ বিদায় Reviewed by Saddam Hussain on February 13, 2016 Rating: 5

No comments:

Powered by Blogger.