script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js">
banner image

মিছ . গীতাঞ্জলী

মিছ.  গীতাঞ্জলী
-----------------------
তুমিয়েই  নহয়  জানো
নগাওঁৰে    জীয়ৰী
সেইজনী  ,  তুমি  মিছ  গীতাঞ্জলী 
সেইজনী  ,  তুমি  মিছ  গীতাঞ্জলী  ৷
মোৰ  সপোনবোৰক  কৰে  আমনি
তোমাৰ চকুৰ  চাৱনিয়ে
তোমাৰ  ভাৱনাই  হৰণ  কৰেহি  মোৰ   সপোনৰ  পৃথিৱী  ৷
অ'   অ'  গীতাঞ্জলী  , গীতাঞ্জলী
তুমি  প্রেমৰ  ৰাগিনী    ,
তুমি  প্রেমৰ  ৰাগিনী   ৷
সচাঁ  কথা   ক'বলৈ  গ'লে  -
তুমি  প্রেমৰ  নদী  , মোৰ  জীৱনৰ  লগৰী
আৰু  মোৰ  কবিতাৰ   দুচকুত   স্পষ্ট  হয়  তোমাৰ  ৰূপৰ  কৰণি   ৷
জ্বলি  থকা তৰাবোৰে  কয়  -
আন্ধাৰৰ  জোনাক  তুমি
ফাগুণৰে  ফাগুণী
ব'হাগৰো   ব'হাগী    ৷
অ'  অ'  গীতাঞ্জলী  , গীতাঞ্জলী
তুমি  প্রেমৰ  ৰাগিনী   ৷
তুমি  নগাওঁৰ  জীয়ৰী   ৷
তোমাৰ  দেহত  ফুটি  উঠিছে
নকৈ   যৌৱনা  ধৰণী 
তোমাৰ  মায়াবী  চাৱনিলৈ
ঘনায়  নাচাবা  মোলৈ  ৷
অ' অ'  গীতাঞ্জলী , গীতাঞ্জলী
তুমি  প্রেমৰ  ৰাগিনী   ৷
তুমি  প্রেমৰ  ৰাগিনী  ৷
তুমি   কোনোবা   পাহাৰীয়া,
চঞ্চলা  ধুনীয়া  পাহাৰীয়া  জুৰি   ৷
নিৰৱে  বৈ  যোৱা  চেচাঁ  , পানীৰ  কিৰিলি
তুমি   গীতাঞ্জলী    ৷
অ'  অ'  গীতাঞ্জলী  , গীতাঞ্জলী  ৷
তুমি  প্রেমৰ  ৰাগিনী   ৷
তুমি  প্রেমৰ  ৰাগিনী   ৷
নীলিম  আকাশেও  কয় -
কোনোবা  ৰূপোৱালী
উপবনৰে  তুমি
দেও   দিয়া  ময়ূৰী   ৷
ফাগুণৰে  পচোৱা  , হিয়া  মন   উতলা  কৰা  তুমি  কোমল  বতাহি   ৷
তোমাৰ  নিলাজ  , চকুৰ  কাহিনী
আবেগৰে   হেপাহখিনি  সাৱটি
দূৰ  অসীমতে  হেৰাই  যাব  মন
কেতিয়াবা  ইয়াকেই  কৰি  অনুসৰণ  ৷
মন  নাযায়  নে   ?
বুলাই   দিবলে
ৰামধেনুৰ  বুলনি
মোৰে  হিয়াতে  আহি   ৷
ৰামধেনুৰ  বুলনি
মোৰে  হিয়াতে  আহি  ৷
মোৰে  হিয়াতে  আহি   ৷
-
-
লিখক  :- ছাদ্দাম  হোচাইন
-
-
নগাওঁ     অসম    ৷
মিছ . গীতাঞ্জলী মিছ .  গীতাঞ্জলী Reviewed by Saddam Hussain on June 07, 2016 Rating: 5

No comments:

Powered by Blogger.