script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js">
banner image

অতিবাহিত হৈ যোৱা মধুৰ কলেজীয়া জীৱন

"অতিবাহিত হৈ যোৱা মধুৰ কলেজীয়া জীৱন ৷"
-
-
কলেজ জীৱনৰ ৩ টা বছৰ অকলে অকলে কটালো ৷
সদায় মাজৰ বেঞ্চত বহিছিলো ৷
মাজত বহাৰ আগ্রহ কোনেও দেখুৱা নাছিলে ৷
খিৰিকীৰ কাষত বহি ছবি অংকন কৰিছিলো সদায় ৷
সেই ছবিৰ নায়িকাৰ চৰিত্রত সকলো সময়তে এজনী ছোৱালী আছিলে ৷
কল্পনাবিলাসী আছিলো ৷
এদিন এজনী ছোৱালী মোৰ ওচৰত আহি বহিলে ৷
কোনো কথা নোকোৱাকৈয়ে তাই সেই ছবিৰ বহীটো লৈ চাব ধৰিলে ৷
মনে মনে বহি থাকিলো ৷
ঘড়ী ধৰা ১৮ মিনিট ২৭ চেকেন্ড পিছত তাইৰ নিৰৱতা ভাঙ্গিলে ৷

-" তুমি অংকন কৰিছা নে ?"

-" হুম "

-" ধুনীয়া ,মোক শিকাবা নে ?"

- "নিশিকাও "

-" কিয় ?"

-" এনেই ৷"

আকৌ দুয়োজন মনে মনে ৷
তেতেয়া সময় ১১ : ৩৬ হৈছে ৷
তেতিয়া শকত এজন মানুহ ক্লাছত সোমাল ৷
তাৰ ক্লাছ মোৰ বহুত ভাল লাগে ৷
বহুত বেছি কথা কয় ক্লাছত ৷
সকলোৱে তাক বহুত ভালপাইছিলে ৷

হয়তো ৰাজনীতি মোৰ মূৰত সোমোৱাৰ কাৰণে সেই ক্লাছ ভাল লাগিছিল ৷

তাতকৈ ভাল লাগিছিলে অসমীয়া ক্লাছ ৷
পাতল ক্ষীণ এজনী মেডামক মোৰ বহুত ভাল লাগিছিলে ৷

কিন্তু সেই কলেজৰ এজনী ছোৱালীক মোৰ বহুত বেয়া লাগিছিলে ৷

সেইজনীক দেখিলেই এটা গেছৰ বেলুন কিনিব মন যায় ৷
মোৰ মনত এনেকুৱা লাগিছিলে যে বেলুনত গেছ ভৰি তাইক সেই বেলুনত বান্ধী দিলেই কাম শেষ ৷

কি মধুৰ আনন্দৰ পৰা
বঞ্চিত আছিলো ৷

মোৰ ওচৰত বহি থকা ছোৱালীজনীয়ে ক'লে……
" মোৰ ও এইটোৱে ইচ্ছা , গেছ বেলুনত ভৰি তাইক আকাশত উৰিব দিয়া ৷"
কথাটো কৈয়ে হাঁহিব ধৰিলে হি: হি: হি : কৰি ৷
কি আচৰিত , ছোৱালীজনীয়ে মোৰ
মনৰ কথাটো বুজিলে কেনেকৈ ৷
চাই থাকিলো ছোৱালিজনীৰ ফালে ৷

ছোৱালীজনীৰ নাম নীলা ৷
কলেজৰ সেই তিনিটা বছৰত বহুতো বন্ধু - বান্ধৱীক লগ পাইছো সিহতৰ লগত বহুতো সময় কটাইছো ৷

আজি কলেজৰ সেই দিনবোৰক বহুত মিছ কৰিছো ৷
লগৰবোৰৰ সেই অভিমানী খং ।
একেটা কল্ড ড্রিনক সকলোয়ে মিলি ভগাই খোৱা ৷

কলেজ লাইফৰ প্রথম পৰীক্ষা ৷
পৰীক্ষাৰ বিষয়টো একেবাৰে নতুন ৷ তাৰ পিছত ক্লাছ নকৰি ঘূৰি-ফুৰা ৷
প্রশ্ন কাকত দিয়াৰ লগে লগে কথা পতা ৷
এজনে আনএজনৰ বহী জুমি জুমি চোৱা ৷
সেয়া দেখি হল'ৰ ছাৰ সকলে কোৱা " পিছফালে কি ?
আৰু এবাৰ পিছফালে চালে বহী লৈ আহিম ৷
কিন্তু পৰিস্থিতিৰ কোনো পৰিবর্তন নহয় ৷
বাধ্য হৈ কাৰোবাৰ বহী লৈ যোৱাৰ পিচত অলপ নিৰৱতা হয় তাকে দেখি ছাৰ সকলে কোৱা "এনেকুৱা থাকিলে কিমান ভাল লাগে ৷"
কথাটো শেষ হোৱাৰ আগতে মোবাইলৰ ৰিংটন বাজি উঠিলে ৷
মোবাইলত বাজি উঠিলে
"হাম তেৰে বিন আব ৰেহ নেহি ছাকতে "
লগে লগে ছাৰ এজনে ক'ব ধৰিলে কাৰ মোবাইল কোনে মোবাইল  লৈ  পৰীক্ষা   হলত আহিছে ৷
লগে লগে সকলোৰে হাঁহি আৰম্ভ ৷

বহুত মিছ কৰিম সেই কলেজ , সেই বন্ধু - বান্ধৱী , সেই পার্টিবোৰ , লগৰবোৰৰ কাৰণে কৰা সেই অপেক্ষা ৷

আৰু নতুন সকললৈ থাকিলে শুভকামনা ৷
-
-
-
লিখক : ছাদ্দাম হোচাইন ৷
-
নগাঁও অসম ৷
-
-
-

অতিবাহিত হৈ যোৱা মধুৰ কলেজীয়া জীৱন অতিবাহিত হৈ যোৱা মধুৰ কলেজীয়া জীৱন Reviewed by Saddam Hussain on April 23, 2015 Rating: 5

No comments:

Powered by Blogger.