ভালপোৱা মানে কি ?
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন
⇨
⇨
⇨
এদিন এজনী ছোৱালীয়ে মোক প্রশ্ন কৰিলে , "ভালপোৱা মানে কি ?
ভালপোৱাৰ কিমান ৰূপ আছে ? ভালপোৱাৰ কি জানা তুমি ?
তেতিয়া মই তাইক মিচিকীয়া হাঁহিৰে ক'লো… " ঠিক আছে মই তোমাৰ প্রশ্নৰ উত্তৰ দিম , কিন্তু তাৰ আগতে তুমি সৌ কুহিঁয়াৰ খেতিখনলৈ যোৱা আৰু তাৰ পৰা আটাইতকৈ শকত আৰু ওখ কুহিঁয়াৰটো বুটলি লৈ আহা ৷
" কিন্তু এটা চর্ত আছে , যেতিয়া তুমি ওখ আৰু শকত কুহিঁয়াৰটো বিচাৰিবা তেতিয়া যিটো কুহিঁয়াৰ অতিক্ৰম কৰি আহিবা সেইটো আকৌ বুটলি ল'ব নোৱাৰিবা ৷ ''
ছোৱালীজনী কুঁহিয়াৰ খেতিলৈ গ'ল আৰু প্রথম শাৰীত বিচাৰিব ধৰিলে ৷
সেই শাৰীটোত তাই এটা শকত আৰু ওখ কুঁহিয়াৰ পাইছিলে কিন্তু তাই ভাৱিলে……
হয়তো আগৰ শাৰীত আৰু ওখ আৰু শকত কুঁহিয়াৰ তাইৰ কাৰণে অপেক্ষা কৰি আছে ৷
পিছত , যেতিয়া তাই খেতিৰ আধিকাংশৰ বেছি বিছাৰি অতিক্ৰম কৰিলে তেতিয়া তাই বুজিব পাৰিলে যে ……
এতিয়া পোৱা কুঁহিয়াৰবোৰ ইমান শকত আৰু ওখ নহয় যিটো তাই প্রথমে বিচাৰি পাইছিলে ৷
তেতিয়া তাই বুজিব পাৰিলে যে সকলোতকৈ শকত আৰু ওখ কুহিয়াৰটো তাই পিছফালে এৰি থৈ আহিলে ৷
আৰু তাৰ কাৰণে তাই অনুসূচনা কৰিলে ৷
সেয়ে তাই কুঁহিয়াৰ বিচৰা বাদ দি খালী হাতেৰে ওভতি আহিলে মোৰ ওচৰত ৷
তেতিয়া মই তাইক ক'লো… …
" এইটোয়ে ভালপোৱা ৷"
তুমি হয়তো জীৱনত কাৰোবাক খুজি
পাইছা , কিন্তু তেতিয়াও আৰু ভাল কাৰোবাক পোৱাৰ আশাত যদি খুজিয়েই থাকা , তেতিয়া এনেকুৱা এদিন আহিব যি দিনা তুমি উপলব্ধি কৰিব পাৰিবা যে……
তোমাৰ কাৰণে থকা সকলোতকৈ ভাল মানুহটো তুমি পিছফালে হেৰাই থৈ আহিছা ৷
তেতিয়া আৰু তাক ঘূৰাই পোৱাৰ কোনো উপায় নাথাকিব ৷
ভালপোৱাৰ যিমান ৰূপ মই দেখিছো তুমি তাৰ এক অংশও দেখা নাই ৷
ছোৱালীৰ প্রতি ল'ৰা , আৰু ল'ৰাৰ প্রতি ছোৱালীৰ ভালপোৱাৰ আৱেগ আছে মায়া আছে কিন্তু তাত নাই কোনো শান্তি , নাই কোনো ফুর্তি , নাই কোনো বিশ্বাস ৷
এই আৱেগপ্রৱন ভালপোৱাত কি আছে ?
নাই একো ৷ আছে মাথো কেইটুপালমান চকু পানী , বিশ্বাসঘাতকতা , মিচা কথাৰ মেলা আৰু শেষত পাহৰি যোৱা ৷
নাই এইবোৰ ভালপোৱা নহয় মোৰ মতে ভালপোৱাৰ নামত ই এক প্রকাৰৰ খেল হে মাত্র ৷
ভালপোৱা ক'ত জন্ম হয় আৰু কত পোৱা যায় জানা নে ?
খেতি কৰিবৰ কাৰণে যেতিয়া কৃষকে মাটিত হাল বোৱাই তেতিয়া কৃষকৰ সেই মাটিৰ প্রতি ভালপোৱা ওপজে ৷
কোনো এজন মানুহে দুবেলা দুমুঠি খাবৰ বাবে আৰু নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে ৰ'দ বৰষুণক আওকাণ নকৰি কৰা কামক লৈ ভালপোৱাৰ সংজ্ঞা দিয়া ।
জাৰকালি যেতিয়া কোনো ভনীয়েক ঠান্ডাত কঁপি থাকে আৰু টোপনী নাযায় তেতিয়া তাইৰ ককায়েকে নিজৰ গাৰ কম্বলখন আনি ভনীয়েকৰ গাত জাপি দিয়ে সেইটোকলৈ ভালপোৱাৰ সংজ্ঞা দিয়া ।
দেশ - মাতৃক ৰক্ষা কৰাৰ কোনো সৈনিক যেতিয়া জীৱন যুদ্ধত পৰাজিত হৈ মাজৰাতি উচুপি উঠে
সেই উচুপি উঠা দৃশ্যটোত ভালপোৱা সোমাই আছে ।
মোৰ মতে এইটোৱে ভালপোৱা ৷
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন
⇨
⇨
নগাঁও অসম
⇨
⇨
Reviewed by Saddam Hussain
on
July 21, 2014
Rating:
No comments: