⇨প্রেয়সীৰ বাবে একলম (১)⇨
⇨
⇨⇨⇨" ভালপাওঁ "⇨⇨⇨
⇨
⇨
লেখক :- Md. Saddam Hussain
™
⇨
⇨
- ভালপাওঁ ৷
-কাক ?
-তোমাকে ৷
- ইমান দিন লাগিলে
এইখিনি ক'ব ?
- সাহস নাছিলে ৷
- আজি হঠাৎ ইমান সাহস ক'ৰপৰা আহিলে ?
- হঠাৎ নহয় ৷
-তেতিয়া হ'লে ?
-তুমাৰ কাৰণে হৃদয়ত তিল তিল কৰি সঞ্চিত ভালপোৱা পাহাৰৰ সমান হৈ আছে ৷ তাৰ পৰা সাহস পালো ৷ আৰু……
-হয় নেকি ৷ আৰু কি ?
- আৰু তুমাৰ ভালপোৱাৰ যোগ্য কৰি নিজকে গঢ়ি তুলিছো ৷
- পাঘল এটা ৷
-ভালপাওঁ বহুত বেছি ৷
- কি কৰিবো পাৰিবা ভালপোৱাৰ কাৰণে ?
-ভালপোৱা মানুহজনীৰ মূখত হাঁহি আনি দিয়াৰ বাবে বাস্তৱসন্মত ভাৱে যি প্ৰয়োজন হয় ৷
- আবেগত জীৱন নচলে ৷
- কৈছো তো বাস্তৱসন্মত ভাৱে………
- কিন্তু মই এটা ৰিলেশ্বনত আছো ?
-তাক পাহৰি যোৱা ৷
-কিয় ?
-সি ভোমোৰা হয় , ফুলে ফুলে উৰি মৌ খোৱায়ে তাৰ কাম ৷
- তুমি কেনেকে গ'ম পালা ?
- খবৰ লৈ চাইছো ৷
-তুমি কি ভোমোৰা নহয় ? তুমাৰ কি মৌ নালাগে নে ?
-মই কীট…… ফুলৰ সৌন্দর্য ভালপাও সেয়ে ফুলৰ মাজত বাস কৰো ৷
যদি ফুলে সুখী হৈ মৌ দিয়ে তেতিয়া খাওঁ আৰু যদি নিদিয়ে তেতিয়া ফুলৰ মাজতে দিন কটাওঁ ৷
- তুমাৰ ফুল লাগে নে মৌ লাগে ?
-দুয়োটাই লাগে মোৰ ৷
- যদি একোৱে নোপোৱা ?
- মই ধ্বংস হৈ যাম নাজানা নে যেতিয়া তুমাক নাপাম ৷
-তুমাক কিয় ভালপাম ?
- একো নকওঁ ৷
- তেতিয়া কি কৰিবা ?
- বুকুৰ ভিতৰত গঢ়ি তোলা তুমাৰ ভালপোৱাৰ পাহাৰৰ মাজত জলন্ত আগ্নেয়গিৰি বনাম ;তাৰপিছত মাজনিশা লাভা নিঃসৰণ কৰিম ৷
-যদি কেতিয়াবা হেৰাই যাওঁ ?
-হৃদয়ত ৰাখিম এৰি নিদিওঁ ৷
-হম্ ৷
-ভালপাওঁ বহুত বেছি ৷
-তেতিয়া ?
-উত্তৰটো বাকী আছে এতিয়াও ৷
-যদি না হয় তেতিয়া ?
-আতৰি যাম ৷
- ঠিক আছে যোৱা মৰি থাকা গৈ ৷
পাঘল , ভালপাওঁ এই কথাটো কি মুখ খুলি ক'ব লাগে ?
-শপত ?
-আকৌ শপত ৷
-মই জানিছিলো তুমি মোক ঘূৰাই নিদিয়া ৷
-কেনেকে গ'ম পালা ?
-গুছি যোৱাৰ কোনো বাট নাই তো খুলা যেতিয়া তুমি মই বাধ্য ,
সজাইছো জীৱন অংক বহীৰ জটিল উপপাদ্য ।
- অই , মোৰ পাঘল প্রেমীক ভালপাওঁ তুমাক ও মই নিজতকে বেছি ।
সচাঁকৈয়ে বহুত আচৰিত বস্তু এই ভালপোৱাঁ ৷
⇨
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন ৷
⇨
⇨
নগাঁও অসম ৷
⇨
⇨
Reviewed by Saddam Hussain
on
July 21, 2014
Rating:
No comments: