সুখৰ আশাত দুখ
⇨
⇨
তোমাক হেৰুৱাৰ যন্ত্রণা ভোগ
নকৰো মই
নকৰো মই তোমাৰ বাবে আবেগ..
অপেক্ষা কৰি আৰু ৰৈ নাথাকো
টিচনলৈ যোৱা সেই তিনিআলিত ,
সেই
ৰেষ্টুৰেন্ট আৰু তেজপুৰৰ উদ্য়ানৰ
পাৰে পাৰে...
হয়তো তুমি বুজি পাইছা মই
লাহে লাহে আতৰি আহিছো তোমাৰ হৃদয়ৰ প্রতিটো চুকৰ পৰা,
আতৰি আহিছো তোমাৰ
কাৰণে অপেক্ষা কৰা হয়ঁবৰগাৱৰ সেই
নিজন ঠাইৰ প্রতিটো কোণৰ পৰা ৷
আতৰি আহিছো তোমাৰ স্মূতি থকা সেই
সকলো অতীতৰ পৰা ৷
কিন্তু তোমাৰ প্রতি ভালপোৱা এতিয়াও
আছে মোৰ হৃদয়ত ৷
শেষ হোৱা নাই এতিয়াও তোমাৰ
প্রতি থকা মৰম ভালপোৱা ৷
কাৰণ মোৰ মৰম ভালপোৱাত
আছে তোমাৰ প্রতি এক সীমাহীন আবেগ ৷
মোৰ মৰম ভালপোৱা সদায় তুমাৰ
অপেক্ষাত থাকিব ৷
প্রতিটো যুগত , প্রতিটো অনন্তক সোৱৰাই
দিব আমাৰ ভালপোৱাৰ কথা ৷
তুমি ইমান নিষ্ঠুৰ হবা বুলি কেতিয়াও
ভৱা নাছিলো আৰু নিষ্ঠুৰ
হ'বা জানিলে কেতিয়াও তোমাৰ পৰা মৰম
ভালপোৱাৰ আশা নকৰিলোঁ হয় ৷
⇨
⇨
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন ৷
⇨
⇨
নগাঁও অসম
Reviewed by Saddam Hussain
on
July 25, 2014
Rating:
No comments: