মোৰ প্রথম প্রেম তুমি
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন ৷
⇨
⇨
আজি মই যিটো গল্প কৈ আছো সেইটো মোৰ বন্ধু এজনৰ লগত হোৱা ঘটনা ৷
ইয়াত তাৰ নাম গোপন ৰখা হৈছে ৷
ইয়াত তাৰ নাম চোহেল ৰাখিলো ৷
^↓ চোহেল যেতিয়া
B.A 2nd sem'r ছাত্র তেতিয়া তাৰ জীৱনত সি প্রথম বাৰ এজনী ছোৱালীক ভাল পায় ৷
সেয়ে সি বেছি দেৰি নকৰি ছোৱালীজনীক তাৰ মনৰ কথা কৈ দিয়ে ৷
ছোৱালীজনী প্রথমে না বুলি কয় যদিও পাছত তাক হয় বুলি কয় ৷
তাৰ পাছত চোহেল ইমান সুখী যিটো সুখত আমি তাক কেতিয়াও দেখা নাই ৷
কিন্তু কোনে জানে এই সুখ মাত্র কেই দিনৰ বাবেহে ক্ষণস্থায়ী আছিলে ৷
কাৰণ ছোৱালীজনীয়ে কেইদিন মান পাছতেই চোহেলক না বুলি কৈ দিয়ে ৷
কাৰণ চোহেল লিখা পঢ়া নকৰি ছোৱালীজনীক পাগলৰ নিছিনা ভালপাইছিলে ৷
ছোৱালীজনীয়ে তাক মানা কৰাৰ পাছত সি মনে মনে বহি থাকিলে ৷
সাধাৰণতে কাহীনিটো ইয়াতে শেষ হ'ব লাগে কিন্তু শেষ নহ'ল ৷
কাৰণ ছোৱালীজনীয়ে মাত্র ২৯ দিন পাছত আকৌ চোহেলৰ লগত কথা পাতে ৷
ছোৱালীজনী আকৌ আহি তাক সুখৰ পোহৰ দেখাই ৷
আৰু তাক ভালকে পঢ়িবলৈ কয় ৷
চোহেল কেইদিনৰ ভিতৰতে সকলোৰে ওচৰত ভাল হৈ যায় ৷
কাৰণ চোহেল সকলো বাদ দি লিখা পঢ়াত মন দিলে ৷
তাক দেখি সকলো আচৰিত হৈ গ'ল ৷
আছলতে চোহেল সেই ছোৱালীজনীক। প্রকৃত ভালপাই পেলাইছিল ৷
আৰু এইটোও বুজি পাইছিল সি যদি নিজে পৰিৱ্ৰতন নহয় তেতিয়া ছোৱালীজনীক কেতিয়াও নাপায় ৷
কিন্তু হয়তো এইটো বুজি পাওতে তাৰ অলপ সময় লাগিছিল ৷
কাৰণ তাৰ পৰীক্ষাৰ আৰু বেছি দিন নাছিলে ৷
যিটো ল'ৰাই গোটেই বছৰটোত একো পঢ়া নাই সি কেনেকে 95% পাব ৷
আৰু ছোৱালীজনীয়ে বাৰে বাৰে চোহেলক এটা কথাই কৈছিলে… …
" তুমি যদি 95% নোপোৱা তেতিয়া মোক গোটেই জীৱনৰ কাৰণে পাহৰি যাব লাগিব ৷
য'ত চোহেলৰ কাৰণে পাছ কৰাটোৱে আছিল বহুত ডাঙৰ কথা ৷
সি কেনেকে পা'ব 95% ??
এইটো প্রশ্ন আছিলে সকলোৰে ৷
কিন্তু চোহেলৰ ধাৰণা আছিল সম্পূর্ন বেলেগ ....
সি ভাৱিছিল সেই ছোৱালীজনীৰ কাৰণে সি সকলো কৰিব পাৰে ৷
আচলতে চোহেল সেই ছোৱালীজনীক ইমানেই ভালপাইছিল যে… …
কেতিয়াও ছোৱালীজনীক তাৰ জীৱনৰ পৰা হেৰুৱাব বিচৰা নাই ৷
সেয়ে চোহেল দিনে ৰাতিয়ে পৰিশ্রম কৰিব ধৰিলে ৷
তাৰ কেতিয়াবা এনেকুৱা ৰাতি ও গৈছে যে সি গোটেই ৰাতিৰ ভিতৰত 1 চেকেণ্ড সময় ও টোপনি যোৱা নাই ৷
চাওঁতে চাওঁতে… …
পৰীক্ষা আহি গ'ল চোহেলৰ ৷
সকলো পৰীক্ষা ভাল হৈছিলে কিন্তু
পদার্থ পৰীক্ষাৰ দিনা সি বেছি লিখিব নোৱাৰিলে ৷
ইয়াত তাৰ কোনো দোষ নাছিলে সেই দিনা সকলো ছাত্রৰে এনেকুৱা অৱস্থা হৈছিল ৷
ইয়াত প্রশ্ন হ'ল……
চোহেল কি ইয়াত য়ে হাৰি গ'ল নেকি ?
হয় ৷৷৷৷৷
কাৰণ চোহেল 95% তো দূৰৰ কথা 60 % ও পোৱা নাই ৷
চোহেলৰ GPA আছিল মাত্র 4•5 ……
তেতিয়া ছোৱালীজনীয়ে চোহেলক ক'লে… …
" চিন্তা কৰি আছা কিয় ?
এইবাৰ হোৱা নাই তাত কি হ'ল অহা পৰীক্ষাত নিশ্চয় 95% পাবা ৷
সিদিনা চোহেল য়ে ছোৱালীজনীক কথা দিছিলে যে… …
" সি নিশ্চয় এইবাৰ 95% পাই দেখাব ৷"
কিন্তু এই সম্পর্ক দুটা এক হোৱাটো হয়তো ঈশ্বৰে নিজেও বিচৰা নাছিলে ,
কাৰণ চোহেলৰ দেউতাকে চোহেলক কলেজত নাম ভর্তি নকৰি ভর্তি কৰিলে বেলেগ কিবা ডিপ্লোমাত ৷
ইয়াত নাম ভর্তিৰ কাৰণে চোহেল য়ে প্রথমে মত দিয়া নাছিলে কিন্তু তাৰ দেউতাকে সম্পর্কৰ ভয় দেখুৱাই তাত নাম লগাই দিয়ে চোহেলৰ ৷
ইয়াত নাম ভর্তিৰ পাছত চোহেল য়ে ছোৱালীজনীক সকলো কথা ক'লে ৷
ছোৱালীজনীৰ ও এই বিষয়ে কম অভিঙ্গতা আছিলে সেয়ে তাই একো কোৱা নাছিলে ৷
সময়ৰ লগে লগে মানুহৰ অভিঙ্গতাও বাঢ়ে ৷
সেয়ে আজি আৰম্ভৰ সময়ৰ পৰা প্রায় 2 বছৰ পিছত অভিঙ্গতা বাঢ়িছে চোহেল ৰ আৰু ছোৱালীজনীৰ ৷
সেয়ে সিহত আজি ওভতি গৈছে সিহতৰ আগৰ পৃথিৱীত ৷
য'ত চোহেল য়ে জানে তাৰ এই অৱস্থাৰ পৰিবর্তন নোহোৱাকে সেই ছোৱালীজনীক সি জীৱন সঙ্গি বনাব নোৱাৰিব ৷
তেতিয়া কি হ'ব শেষ পর্যায়ত ??
চোহেল আৰু নীলা কি এক হ'ব পাৰিব , নে এই স্বার্থপৰ পৃথিৱীৰ ওচৰত শেষ পর্যায়ত হাৰি যাব ??'
নে আকৌ চোহেল পৰিবর্তন হব আগৰ সেই ভয়ঙ্কৰ চোহেলত ???
⇨
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন ৷
⇨
নগাঁও অসম ৷
⇨
Reviewed by Saddam Hussain
on
July 25, 2014
Rating:
No comments: