যি দিনাৰ পৰা তোমাক ভালপাইছো ,
সিদিনাৰ পৰা নিজকে ভালপাব পাহৰি গৈছো ৷
যিদিনাৰ পৰা তোমাক সুধিছো কেনে আছা ?
সিদিনাৰ পৰা মই কেনে আছো সেয়া পাহৰি গৈছো ৷
যিদিনাৰ পৰা তোমাৰ ওচৰত আহিছো ,
সিদিনা সকলোৰে পৰা দূৰত গুছি গৈছো ৷
যিদিনা তোমাৰ সপোনবোৰ মোৰ হাতত তুলি দিছা
সিদিনাৰ পৰা তোমাৰ সপোন পূৰ কৰিছো ৷
আজি তুমি কাষত নাই সেয়ে কওঁ„„„
মই কিন্তু ৰৈ যোৱা নাই এতিয়াওঁ ,
ৰৈ গৈছা অকল তুমি ৷
ভালপাওঁ বুলি কাৰণে অকাৰণে বহুতবাৰ কষ্ট দিছা ৷
সুখ - দুখৰ সময়ত সদায় মোৰ লগত থাকিবা বুলি কথা দিছিলা তুমি ৷
কিন্তু আজি মোৰ দুখৰ সময়ত তুমি নাই মোৰ ওচৰত ৷
তুমি আছিলা সুখৰ সময়ত মোৰ লগত ৷
তুমি হয়তো পাহৰি গৈছা মোৰ সেই দুখবোৰ তুমি দিয়া আছিলে ৷
তুমি দিয়া কষ্ট আৰু দুখবোৰ মই আপোন কৰি লৈছো ,
কাৰণ মই তোমাক সচাঁয়ে ভালপাইছিলো ৷
আজি মই বুজিব পাৰিছো যে ভুল মোৰ আছিলে ৷
তোমাক হেৰুৱাৰ কাৰণ মই আজি বিচাৰি পাইছো ৷
তোমাৰ অৱহেলিত ভালপোৱা পাইওঁ তোমাক বহুত বেছি ভালপাইছিলো ৷
সেয়া আছিলে মোৰ ভুল ৷
হয়তো মোৰ ইমানখিনি ভালপোৱা তুমি পোৱাৰ যোগ্য নহয় ৷
এদিন তুমি ও অনুভৱ কৰিবা ৷
মোক যেনেকে দিছা তোমাৰ অৱহেলিত ভালপোৱা ঠিক তেনেকে তুমি ও পাবা কাৰোবাৰ পৰা সেই অৱহেলিত ভালপোৱা ৷
সিদিনা অনুভৱ কৰিব পাৰিবা যে মই তোমাক কিমানখিনি ভালপাইছিলো ৷
ভালে থাকিবা …………
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
Reviewed by Saddam Hussain
on
March 02, 2015
Rating:
No comments: