নাইটিংগেল আৰু এপাহি ৰঙা গোলাপ (Rose day special )
(প্রথম খন্ড )
" তাই মোক কথা দিছে মই যদি তাইক ৰঙা গোলাপ দিব পাৰো তেতিয়া তাই মোৰ লগত নাচিব "
কান্দোনৰ কন্ঠত কথা বিলাক ভাহি আহিছিল এজন ছাত্রৰ কন্ঠৰ পৰা ৷
"কিন্তু ক'ত মোৰ বাগিছাত তো কোনো ৰঙা গোলাপ নাই ৷
ওচৰৰে এটি ওখ গছৰ বাসৰ পৰা নাইটিংগেল চৰাইটোৱে ল'ৰাজনৰ এই হৃদয় বিদাৰক কথা আৰু কান্দোন শুনি আছিলে আৰু গছৰ পাতৰ আৰৰ পৰা এই বিলাক চাই বিস্মত হ'ল ৷
"মোৰ বাগিছাত কোনো ৰঙা গোলাপ নাই !
আহ্ , কি এক সৰু বস্তু যাৰ ওপৰত মোৰ সকলো সুখ সমর্পিত !
জীৱনত মই নোৱাৰিম এনেকুৱা কোনো বিষয় নাই কিন্তু তাৰপাছত ও এটি ৰঙা গোলাপৰ অভাৱে মোৰ জীৱনটোক বিষ কৰি তুলিছে ৷
কান্দোনৰ কন্ঠত এইবিলাকে কৈ আছিল সেই ল'ৰাজনে ৷
'অৱশেষত এজন প্রকৃত প্রেমিকক দেখা পালো ' নাইটিংগেল চৰাইটোৱে ক'লে ৷
ৰাতিৰ পিছত ৰাতি এই প্রেমৰ কাৰণে মই কত যে গান গাইছো যদিও তাইৰ দেখা মই আজিও পোৱা নাই ,
ৰাতি হাৰে থাকি থাকি মই এই প্রেমৰ কথা আকাশৰ তৰাক বহুতবাৰ কৈছো আৰু মই সেয়া এতিয়া নিজ চকুৰে দেখিছো ৷
তাইৰ মেঘালী চুলি ,
তাইৰ ওঠ দুটা যেন ৰঙা গোলাপৰ নিচিনা ৰঙা ৷
কিন্তু প্রবল আৱেগে তাইক বিষণ্ণতাৰ মাজত আৱৰি ৰাখিছে আৰু দুখেৰে যেন তাইৰ চকুৰ ভ্রু আৱৰি গৈছে ৷
ল'ৰা জনে ক'লে , " অহাকালি ৰাতি এখনি নৃত্য হ'ব ৷
মোৰ প্রেম সেইঠাইত ছোৱালীজনীক সংগ দিব পাৰিলেহেতেন ৷
মই তাইক এটি ৰঙা গোলাপ দিলেই হয়তো তাই মোৰ লগত নাচিব ও বিচাৰিলে হয় ৷
এটি ৰঙা গোলাপ দিলেই হয়তো তাই মোৰ বাহুবন্ধনত আৱদ্ধ হলে হয় আৰু প্রৱল আৱেগত তাইৰ মূৰটো মোৰ বুকুত থৈ হাত দুটাৰে মোক আৱৰি ধৰিলে হয় ৷
কিন্তু মোৰ বাগিছাত যে কোনো ৰঙা গোলাপ নাই ৷
সেয়ে মই নৃত্যৰ ঘৰত অকলশৰীয়াকৈয়ে থাকিব লাগিব আৰু ৰখি ৰখি তাই গুছি যোৱা চাই থাকিব লাগিব ৷
মোৰ ফালে তাইৰ কোনো ভ্রুক্ষেপ নাথাকিব আৰু আনফালে মোৰ হৃদয় ভাঙি চূর্ণ বিচূর্ণ হৈ থাকিব ৷
কান্দি কান্দি এইবিলাকয়ে কৈ আছিলে সেই যুৱক ল'ৰাজনে ৷
'ল'ৰাজন তো আছলতেই এজন সঁচা প্রেমিক '
নাইটিংগেল চৰাইটোৱে ক'লে ৷
' মই এতিয়া যিয়ে গাও তাতে তাকেই ব্যাখ্যা কৰিম অকল ৷'
মোৰ তাত এতিয়া যি আনন্দৰ সেয়া তাৰ তাত এতিয়া বেদনাৰ ৷
সঁচা ভালপোৱা এক বিস্ময়ৰ বস্তু ৷
ই দামী হীৰা, মণি -মুকুতাতকৈও দামী ৷
ইয়াক না মণি- মুকুতা দি কিনিব পাৰি , না ইয়াক বজাৰত কিনিব পোৱা যায় ৷
ইয়াক লৈ যেনেকে কোনো ব্যৱসায় নচলে ঠিক তেনেকে সোণৰ ডগাত ইয়াক ওজন ও কৰিব নোৱাৰি ৷
ল'ৰাজনে ক'লে , " বাউল বোৰে বিভিন্ন সুৰত সেই সন্ধ্যাত সিহঁতৰ তত যন্ত্র বজাই থাকিব আৰু মোৰ ভালপোৱা
"বেহুলা"ৰ নিচিনা অচেতন হৈ নাচি থাকিব ৷
ছোৱালীজনীয়ে এনেকৈ নাচিব যে তাইৰ ইপস্থিতি নৃত্য ৰুমৰ মানুহেও গম নাপাব অথচ উপস্থিত সকলো অতিথি তাইৰ চাৰিওঁফালে দি ভিৰ কৰি থাকিব ৷
কিন্তু তাই তো আৰু মোৰ লগত নাচিব নাহে যিহেতু মই তাইক এপাহি ৰঙা গোলাপ আনি দিব পৰা নাই ৷
এইবোৰ কথা কৈ কৈ ল'ৰাজনে তাৰ হাতৰ আঙুলি দি মুখমন্ডলটো ঢাকি কান্দিব ধৰিলে ৷
এটি ছেমিলনে তাক সুধিলে
" তুমি কান্দিছা কিয় ?"
সূর্যৰ পোহৰত উৰি যোৱা এটি প্রজাপতিও তাক একেই প্রশ্ন কৰিলে ৷
হালধীয়া ৰংৰ ডেইজী ফুলেও তাৰ ওচৰৰ ফুলটোক একেই প্রশ্ন কৰিলে ৷
" সি কান্দিছে কিয় ?"
সি এপাহি ৰঙা গোলাপৰ কাৰণে কান্দি আছে -
নাইটিংগেল চৰাইটোৱে উত্তৰ দিলে ৷
সিহঁত সকলো বিস্মিয়ভাৱে একেলগে চিঞৰ দি উঠিলে ,
কথাটো সিহঁতৰ তাত কৌতুকপূর্ণ এনে লাগিল ৷
আৰু ছেমিলনটোৱে তো হতাশ হৈ এটি নির্জলা হাঁহি দিলে ৷
কিন্তু নাইটিংগেল চৰাইটোৱে ল'ৰাজনৰ গোপন ব্যাথা অনুভৱ কৰিব পাৰিছিল সেয়ে সি গছৰ ওপৰত বহি ভালপোৱাৰ এই গূঢ় ৰহস্যৰ কথা ভাৱিছিল ৷
হঠাৎ কৰি নাইটিংগেল চৰাইটোৱে তাৰ পাখি মেলি আকাশৰ ফালে উৰা মাৰিলে ৷
সি ছাঁ ৰ নিচিনা ভাঁহি ভাঁহি বাগিছাৰ ইফালৰ পৰা সিফাললৈ গৈ থাকিল ৷
উৰি উৰি সি এটি গোলাপ গছ দেখা পালে আৰু সি সেই গছজোপাৰ এটি ডালত গৈ বহিল ৷
নাইটিংগেল চৰাইটোৱে ক'লে - "মোক এপাহি ৰঙা গোলাপ দিয়া তেতিয়াহলে মই তোমাক মোৰ সকলোতকৈ মধুৰ গানটো শুনাম ৷"
তেতিয়া গছজোপাই ক'লে যে -
" মোৰ ফুলবোৰ ঠিক সাগৰৰ ভাঁহি যোৱা ফ্যান আৰু পাহাৰৰ গাঁত জমি থকা বৰফতকৈও বগা ৷
কিন্তু তুমি মোৰ দাদাৰ ওচৰত যাব পাৰা যি সূর্যৰ ৰশ্মিৰ তলত ডাঙৰ হয় , সম্ভৱ তুমি যি বিচৰা সেয়া সি তোমাক দিব পাৰিব ৷
নাইটিংগেল দ্রুত সেই সূর্যৰ ৰশ্মিৰ তলত বাঢ়ি অহা গোলাপ গছজোপাৰ ওচৰত আহি গছজোপাক কলে -
" মোক এপাহি ৰঙা গোলাপ দিয়া তেতিয়া মই তোমাক মোৰ সকলোতকৈ মধুৰ গানটো শুনাম ৷
তেতিয়া গছজোপাই ক'লে -
" মোৰ গোলাপৰ ৰং হালধীয়া ঠিক সৌ হালধীয়া অম্বৰ পাথৰৰ সিংহাশনৰ ওপৰত বহি থকা মৎসকুমাৰীৰ চুলিৰ নিচিনা ৷
আৰু তৃণ ভূমিত প্রস্ফুটিত হোৱা ডেফডিল তকৈও এয়া হালধীয়া ৷
কিন্তু তুমি মোৰ ভায়েকৰ ওচৰত গৈ চাব পাৰা যাৰ ফুল এই ল'ৰাজনৰ খিৰিকীৰ ওচৰত ফুলে ৷
সম্ভৱ তুমি যি বিচৰা সেয়া সি দিব পাৰে ৷
তেতিয়া নাইটিংগেল সেই গছজোপাৰ ওচৰত গ'লে আৰু গছজোপাক ক'লে -
" মোক এপাহি ৰঙা গোলাপ দিয়া তেতিয়া মই তোমাক মোৰ সকলোতকৈ মধুৰ গানটো শুনাম ৷
তেতিয়া গছজোপাই ক'লে -
" মোৰ গোলাপবোৰ মহাসাগৰৰ গর্ভত থকা কোলাহলতকৈও ৰঙা কিন্তু শীতকালে মোৰ সকলো শিৰাবোৰক বেয়া কৰি পেলাইছে আৰু হিম - শীতল বায়ুয়ে মোৰ কলিবোৰক নষ্ট কৰি পেলাইছে ৷
আৰু ধুমুহাই মোৰ ডালবোৰক ভাঙি পেলাইছে ৷
সেয়ে এই বছৰত মোৰ কোনো ৰঙা গোলাপ ফুলা নাই ৷
নাইটিংগেল চৰাইটোৱে ক'লে -
" কেৱল এপাহি ৰঙা গোলাপ লাগে মোৰ, মাত্র এপাহি ৰঙা গোলাপ ৷
কোনো ভাৱেই কি ইয়াক পাব নোৱাৰো নে ?
তেতিয়া গছজোপাই ক'লে এটি উপায় আছে কিন্তু সেয়া ইমান ভয়ানক যে মোৰ কবলৈ ভয় লাগিছে ৷
নাইটিংগেল চৰাইটোৱে ক'লে -
মোক কোৱা ৷
মই ভয়াতুৰ নহওঁ ৷
তেতিয়া গছজোপাই ক'লে -
তোমাৰ যদি ৰঙা গোলাপ লাগে তেতিয়া তুমি চন্দ্রৰ
পোহৰত তোমাৰ সংগীত দি সেয়া ফুলাই ল'ব লাগিব আৰু তোমাৰ হৃদয়ৰ তেজ দি সেয়া ৰঞ্জিত কৰিব লাগিব ৷
মোৰ দেহৰ কাঁইটত তোমাৰ বক্ষ ধ্বংশ কৰি কৰি তুমি গান গাই যাব লাগিব ৷
এই গান গোটেই ৰাতি ধৰি চলিব আৰু কাঁইটবোৰে তোমাৰ হৃদয়ক একেবাৰে বিদীর্ণ কৰিব ৷
ইয়াৰ পিছত তোমাৰ দেহৰ পৰা ওলাব তাজা তেজ যি মোৰ শিৰা উপশিৰা দি প্রবাহিত হব ৷
আৰু সেই তেজ হৈ যাব মোৰ ৷
একেবাৰেই মোৰ ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
February 28, 2015
Rating:
No comments: