মৰমৰ আই ,
আশা কৰো তুমি ভালে আছা ৷
কিন্তু মই ভাল নহয় ৷
যেতিয়া তুমি মোৰ এই চিঠিখন পঢ়িবা তেতিয়া হয়তো মই এই পৃথিৱীৰ মায়া - মোহ এৰি গুছি যাম তোমালোকৰ পৰা বহুত দূৰত ৷
অকল থাকি যাব তুমি দিয়া নামটো মোৰ ৷
মা , মইতো একো কৰা নাই তথাপিও মোক কিয় এই শাস্থি দিয়া হ'ল ?
মইতো অকল তোমালোকৰ ওচৰত যাব বিচাৰিছিলো ৷
তাৰ কাৰণে মোক এনেকুৱা শাস্থি দিব পাৰে নে মা ?
জানা মা ,
মই তোমাৰ কাৰণে শাড়ী কিনিছিলো যাতে তুমি এটা শাড়ী সদায় সদায় পিন্ধিব নালাগে ৷
আৰু নীলা'ৰ কাৰণে বহুত বস্তু কিনিছিলো ৷
ভাৱিছিলো এইবোৰ দি তাইক একেবাৰে ৰাজকন্যাৰ নিচিনা সজাই দিম ৷
আৰু দেউতাৰ কাৰণেও এখন হাতঘড়ী কিনিছিলো ৷
এইবোৰ লৈ য়ে ঘৰত আহি আছিলো তেতিয়াই হঠাৎ সন্মূখৰ পৰা এখনি গাড়ী আহি মই অহা গাড়ী খনত খুন্দিয়ালে ৷
ইয়াৰ পিছত মোৰ একো মনত নাই ৷
চকু মেলি মই নিজকে হস্পিতালত পাওঁ আৰু দেখো মোৰ গোটেই গাঁত বেন্ডেছ কৰা ৷
জানা মা ,
মই লৰ - চৰ কৰিব পৰা নাই , বহুত ভুক লাগিছে ৷
কোনেওঁ মোৰ ধ্যান নাৰাখে ,
মাজে মাজে আহি কোনোবাই খাব দিয়ে অকল ৷
মোৰ কাৰণে নাকান্দিবা আৰু নীলা'ৰ বিয়াৰ কাৰণে জমা কৰা টকাখিনি নীলা'ক দি দিবা ৷
মই গৈ আছো বুলি তুমি দুখ নকৰিবা ,
নীলা আছে তো তোমাৰ লগত ৷
সকোলোৱেতো এদিন যাব লাগিব মই নহয় অলপ আগতেই গৈ আছো ৷
ইতি
চোহেল ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
Reviewed by Saddam Hussain
on
February 26, 2015
Rating:
No comments: