নীলা ,
কেনে আছা তুমি ?
বহুত দিন পিছত আজি হঠাৎ তোমাৰ কথা মনত পৰিছে !
কিবা এটা খুজিব গৈ হঠাৎ তোমাৰ চিঠিটো চকুৰ সন্মূখত পৰিল !
আগৰ নিচিনাই আছে সকলো ,
চিঠিৰ ভাজ , খাম একো পূৰণি হোৱা নাই এতিয়াওঁ !
অকল পূৰণি হৈছে স্মৃতিবোৰ !
ধূলি লাগি লাগি অদৃশ্য হৈ পৰিছে তথাপিও আজি ও ভাৱো জানা চকু মেলি প্রতি পোৱাই তোমাৰ কথা !
তুমি দিয়া প্রথম আৰু শেষ বুলি এই এটা চিঠিখনে আছে মোৰ তাত !
অদ্ভূত সুন্দৰ হাতৰ লিখনি , অৱশ্যে চিঠিখন চাই এটা কথা স্পষ্ট বুজা যায় যে তুমি বহুত দ্রুততাত লিখিছা চিঠিখন !
লিখিবাইতো , কলেজ লাইফ‘ত লিখা চিঠি বুলি কথা !
ছাদ্দাম পাগল কোনো মায়াৱতী সুন্দৰীক ইংৰাজীত প্রেমপত্র দিব পাৰে সেয়া মোৰ জনা নাছিলে !
নাজানোঁ এই চিঠিখন কেনেকে মোৰ মুখস্থ হৈ গৈছিল !
হয়তো বহুত বাৰ পঢ়া হৈছিলে চিঠিখন সেয়ে !
তুমি মোক এৰি আন এজনৰ ওচৰত গুছি যোৱাৰ পিছত যেতিয়াই এই চিঠিখন পঢ়িছিলোঁ তেতিয়াই নিজকে অপৰাধী লাগিছিল !
ভুল মোৰে আছিলে , নহ’লে ইমানবোৰ শব্দ আৰু বাক্যতো মিছা হ’ব
নোৱাৰে !
তোমাক দিয়া মোৰ শেষ চিঠি কোনখন আছিলে ঠিক সেয়া এতিয়া মনত অহা নাই !
সম্ভৱ তোমাৰ জন্মদিনত নাইবা তোমাৰ ক্ৰচিং ক্লাছ ৰ শেষ দিনা দিছিলোঁ !
আছলতে যিমান প্রেমপত্র তোমাক লিখিছোঁ স্কুল কলেজৰ বহীত ও সিমান পত্র লিখিবলগীয়া হোৱা নাই !
বিষয়টো নিছাৰ নিচিনায়ে হৈ গৈছিলে বহুতখিনি !
কিন্ত এতিয়া আৰু সেই নিচাটো নাই !
আৰু থকাৰ কথাওঁ নাই !
জানা নীলা ?
ক’ৰবাত জানো পঢ়িছিলোঁ সেই ছোৱালীজনী অনেক ভাগ্যৱতী যি জনী নেকি কোনো লেখকৰ নায়িকা হ’ব পাৰে !
সিহঁতে জীয়াই থাকে চিৰজীৱন !
মই লেখক হ’ব পৰা নাই যদিও তথাপিওঁ দুই চাৰিটা গল্প লিখিছো !
তোমাৰ নিচিনা কৰিয়ে সজাইছো নায়িকা কেইজনীক !
কেতিয়াবা নীলা বস্ৰ পৰিধান কৰিছে আৰু কেতিয়াবা নীলা ওৰনি মূৰত লৈ আপোনজনৰ অপেক্ষাত ৰৈ আছে !
কেতিয়াবা যাদুকৰী দুচকুত কাজল সনাইছো আৰু কেতিয়াবা স্নিগ্ধতাৰ প্রতীক বনাইছো !
নায়িকা কেইজনীৰ ৰূপ কোৱা বা চৰিত্র কোৱা তোমাৰ প্রবৃত্তিৰ পৰা ওলাব পৰা নাই কেতিয়াও !
তোমাৰ এটা ইচ্ছা আছিলে যদি অষ্টাদশী হৈ গোটেই জীৱন কটাব পাৰো !
তোমাক মই অষ্টাদশীৰ মাজত বন্ধী কৰা নাই !
যেতিয়া যেনেকে মন গৈছে তেতিয়া তেনেকেই সজাইছো তোমাক !
একবিংশ শতিকাৰ প্রেম -কাহিনী ,
ষোড়শ শতিকাৰ উচ্ছলতা ,
অষ্টাদশ শতিকাৰ স্নিগ্ধতা ,
একৈশ ৰ কামনা অথবা তেইছ’ৰ কোনো অভিমানী তৰুণীস্বৰূপ যোৱতীত !
আকৌ যি কোমলতা তোমাৰ মাজত দেখিছোঁ তাত মাতৃত্ববোধ ভাৱধাৰা ও স্পষ্টকৈ প্রকাশ পাইছে !
হয়তো কেতিয়াবা যদি তুমি এইবিলাক জানিব পাৰিলা হয় তেতিয়া হয়তো নিজকে ভাগ্যৱতী ভাৱিব পাৰিলা হয় নে নহয় সেয়া নাজানো !
তথাপিওঁ কাগজে কলমে হলে’ও ভালপোৱাটোক জীয়াই ৰাখিব পাৰিছোঁ গোটেই জীৱনৰ কাৰণে !
কিমান জনেই বা এয়া কৰিব পাৰে !
তোমাৰ প্রেম আৰু বিৰহে মোক ইমানখিনি শক্তি দিছিলে যাতে মই অকলে হলে’ও ভালপোৱাক জীয়াই ৰাখিব পাৰো !
এতিয়া অৱশ্যে আৰু নিলিখোঁ !
স্থৱিৰতা আহি গৈছে !
বয়স হয়তো বহুত বেছি হোৱা নাই কিন্তু মনটো ভৰি গৈছে !
স্মৃতিলৈ জীয়াই থকাটো জীৱনত এক ধৰনৰ ক্লান্তি লৈ আহে !
সেই ক্লান্তিৰ ঠাইত বহুত আগতেই আহি গৈছো মই !
পাঁচ তলাৰ ওপৰৰ পৰা
আকাশ দেখোঁ , চহৰ দেখোঁ !
নিজে বনোৱা কফি মুখত লৈ কওঁ --
" হে ব্যস্থ চহৰ ! মই ক্লান্ত ,অলপ সময় জিৰণি হ'ব নে ?
অলপ সময় জিৰণি ?
ভালে আছা , ভালে থাকিবা নীলা ৷
বহুত বহুত ভালে থাকিবা ৷
যিখিনি মৰম মই তোমাক দিব পৰা নাই সেইখিনি মৰম যাতে তোমাক তোমাৰ আপোনজনে দিব পাৰে তাৰে কামনা কৰিলোঁ !
আশা আছিলে ৰজা হ'ম আৰু তোমাক ৰাণী বনাই সম্রাজ্য বিস্থাৰ কৰিম !
কিন্তু আজি দেখোন ৰাজ্য আছে , ৰজা আছে ,
আশা আছে অকল তুমি আন এজনৰ ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
Reviewed by Saddam Hussain
on
February 21, 2015
Rating:
No comments: