লাভ লেটাৰ ২০১৪
------------------------------------
লিখক :- ছাদ্দাম হোচাইন
-----------------------------------
মই প্রায়ে ভাৱিছিলো পুৰণি দিনৰ মানুহবোৰৰ কথা ,
শুনিছিলো সিহঁতে নেকি বার্তা প্রেৰনৰ কাৰণে বিশেষ কৰি " পাৰ " চৰাই ব্যৱহাৰ কৰিছিলে ৷
প্রেমিক বা প্রেমিকা বোৰে পাৰ চৰাইৰ ডিঙি বা ভৰিত চিঠিবোৰ বান্ধি দিছিলে ৷
আৰু সেই চিঠিখন পাৰ চৰাইয়ে লৈ গৈছিল তাৰ সেই যথা স্থানত ৷
ভাৱিছিলো সেই যুগৰ প্রেম কিমান মহৎ আৰু সুন্দৰ আছিলে , এজনে আনজনক নেদেখা কৈয়ে অকল চিঠি আদান প্রদান কৰিয়েই ভালপাইছিলে দুয়ো দুয়োকে বহুত ৷
মই ও মাজে মাজে ভাৱিছিলো মোৰ জীৱনত এবাৰ মই ও মোৰ প্রেয়সীক চিঠি দিম যদিও এয়া আধুনিক যুগ ৷
কিন্তু যাক লৈ মোৰ ইমান কল্পনা তাই তো এতিয়া আৰু মোৰ ওচৰত নাই ৷
যেতিয়া তাই মোক কৈছিলে তাইৰ জীৱনত আৰু এজন আহিছে তেতিয়া এনেকুৱা লাগিছিলে অতি তীক্ষ্ণ ব্লেট দি মোৰ হৃদয়টোক কোনোবাই অতি সূক্ষ্ম ভাৱে টুকুৰা টুকুৰ কৰি আছে ৷
এনেকুৱা লাগি আছিল, তাই যেতিয়া আন এজনৰ লগত প্রেম কৰিব ,
তেতিয়া হ'লে মই কি ?
মই কি অনুভূতিহীন অদৃশ্য কিবা নে আন কিবা ?
তুমি শুনিছা নে নাই নাজানো ,
তাৰ পিছত ও কৈছো,
তেজপুৰ পার্কত তোমাক কোৱা এষাৰ কথা মোৰ আজি ও বহুত মনত পৰি থাকে ৷
সেই কথাষাৰ হ'ল -
" তোমাৰ বাহিৰে মই আন কাকো কেতিয়াওঁ ভাল নাপাওঁ
,তুমি মোৰ প্রথম আৰু অন্তিম প্রেম ৷,
তোমাৰ বাহিৰে মই কেতিয়াওঁ কোনো কবিতা নিলিখো ৷ "
তোমাক কোৱা এই কথাষাৰ মই মোৰ জীৱনৰ লগত গাঁথি লৈছিলো ৷
মই সচাঁয়ে তোমাক ভালপোৱাৰ পিছত তোমাৰ বাহিৰে আন কাৰো ফালে চোৱা নাই,
তোমাৰ বাহিৰে কেতিয়াওঁ একো ভৱা নাই যেতিয়া যিয়ে ভাৱিছো সেয়া অকল তোমাক লৈ ভাৱিছো ৷
আৰু তোমাৰ বাহিৰে একো কবিতাওঁ লিখা নাই ৷
মই তোমাক আৰু এষাৰ কথা কৈছিলো সেয়া আছিল --
" যদিও কেতিয়াবা তুমি মোক পাহৰি যোৱা তথাপিও মই তোমাক নাপাহৰো , তোমাৰ স্মৃতি খিনি লৈয়ে মই মোৰ বাকী জীৱন খিনি কটাই দিম ৷ "
তোমাক দিয়া সেই কথা আজি ও মই ৰাখি আছো ৷
যদি ও আজি তুমি মোৰ কাষত নাই তথাপিও মই তোমাকে ভালপাওঁ আৰু এনেকৈয়ে ভালপাই থাকিম চিৰজীৱন ৷
তুমি মোক লৈ কেতিয়াবা কিবা লিখিছা নে নাই মই নাজানো কিন্তু তোমাক লৈ মই বহুত সপোন সজাইছো , কল্পনা কৰিছো আৰু কবিতাওঁ লিখিছো ৷
কাৰণ মই তোমাক বহুত ভালপাওঁ ৷
তোমাক লৈয়ে মোৰ কল্পনাৰ ৰাজ্য বৃহৎ কিন্তু সেয়া হয়তো কেতিয়াওঁ পূৰণ হ'ব নোৱাৰে ৷
মই এনেকুৱা এখন কাইটযুক্ত উত্তপ্ত যন্ত্রণাৰ সাগৰত হাবাথুৰি খাই আছো য'ৰ পৰা ,
না পাৰত উঠিব পাৰিছো আৰু না ডুবিব পাৰিছো ৷
এতিয়াওঁ যেনেকে তোমাৰ অবিহনে একো কল্পনা কৰিব নোৱাৰো ঠিক তেনেকে গোটেই জীৱনতো তোমাৰ অবিহনে আন একো হয়তো কল্পনা কৰিব নোৱাৰিম ৷
ইয়াৰ কাৰণে যদি মোৰ
সৃষ্টিকর্তাৰ লগত ও বিৰুধিতা কৰিব লাগে তেতিয়াওঁ হয়তো মই কৰিব পাৰিম অকল তোমাৰ কাৰণে ৷
কাৰণ মই কেতিয়াওঁ তোমাক পাহৰিব নিবিচাৰো ,
আৰু পাহৰিব নোৱাৰিম ও কেতিয়াওঁ ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
December 16, 2014
Rating:
No comments: