script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js">
banner image

তোমাৰ স্মৃতিবোৰে আজি ও কন্দোৱাই মোক (Real story of my life )

তোমাৰ স্মৃতিবোৰে  আজি ও কন্দোৱাই মোক  ৷
----------------
নীলা  ওঁৰণী  লৈ 
তুমি দৌৰি   কলেজৰ  ছাঁদলৈ উঠি আহিছিলা ।
মই ও   জুমি জুমি চাইছিলো  তোমাৰ ফালে    ৷
তুমিও কেতিয়াবা মোলৈ চাইছিলা
আৰু হাঁহিছিলা ।
বহুত  ভাল লাগিছিলে  তেতিয়া ;
ঠিক  বৰশীত মাছ ধৰাৰ  নিচিনায়ে  ৷
গাঁৱলীয়া ডেকা মই
আৰু চহৰৰ গাভৰু তুমি ইয়াতকৈ বেছি ভাৱিবলৈ একোৱেই নাই ।
তোমাক প্ৰায়ে দেখা পাইছিলো মই  ,
কেতিয়াবা তেজপুৰৰ সেই উদ্যান খনত ,
কেতিয়াবা কলেজলৈ যোৱা সেই বাটটোত ৷
নতুবা তুমালোকৰ ঘৰৰ সেই গলিটোত ।
আৰু কেতিয়াবা টিচনলৈ যোৱা  এক্সিছ  বেংকৰ ওচৰত   ৷
ৰখি কথা পাতিছিলোঁ দুয়ো ৷
কলা উৰণীৰ আৰত  লুকাই থকা তোমাৰ  চকুযোৰৰ সৈতে    যেতিয়াই মোৰ পিপাসু চকুৰ  মিলন হৈছিল    তেতিয়াই   মই দেখা পাইছিলো এক অজান আবেগ ,
ভালপোৱাৰ এক আকুল আহ্বান

যদিও প্ৰেমত নপৰো  বুলি  ভাৱিছিলো   তথাপিওঁ  পৰি  গ'লো    ৷
কাৰণ মইযে তোমাক ভালপাই পেলাইছিলো।
আজি আকৌ তেজপুৰৰ সেই উদ্যান খনলৈ গৈছিলোঁ আৰু তোমাৰ লগত ৰখি কথা পতা  সেই বেংকটোৰ ওচৰত গৈ আজিও মই তুমাৰ বাট চাই থাকো অধিৰ হৈ ৷
নীলা  ওঁৰণিৰ আৰৰ চকুযোৰ  ;
নাইবা হাঁহি থকা মূখখনি বিচাৰি।
তেজপুৰৰ  সেই   উদ্যানখন ,
কলেজলৈ যোৱা বাট
আনকি সেই ছাঁদত আৰু সেই গলিটোত ...
সকলোতে বিচাৰিলো  তোমাক  ,
কিন্তু   , ক'তো  নাপালো তোমাক  ।
তুমি বিশ্বাস কৰা
ভূল মোৰ নাছিল
নাইবা তোমাৰ ও নাছিল।
কি কৰিবা ,
মই গাঁৱলীয়া ডেকা   আৰু  তুমি   চহৰৰ  গাভৰু   ,
তুমি পাহৰিলে ও মইযে নোৱাৰিলো  পাহৰিব   ,
দুখ  হয়  বহুতেই  আৰু  কষ্ট ও  হয়     ৷
কাৰণ মই যে তোমাক সঁচাই ভালপাই পেলাইছিলো।

-
-
লিখক :- ছাদ্দাম হোচাইন
-
নগাঁও অসম

তোমাৰ স্মৃতিবোৰে আজি ও কন্দোৱাই মোক (Real story of my life ) তোমাৰ স্মৃতিবোৰে আজি ও কন্দোৱাই মোক (Real story of my life ) Reviewed by Saddam Hussain on November 29, 2014 Rating: 5

No comments:

Powered by Blogger.