script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js">
banner image

অমৰ প্রেম

অমৰ    প্রেম
------------------------

ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণ পৰি আছে ৷
কিন্তু তাতে চোহেলৰ কি ?
সি তো যাব লাগিব তাৰ ভালপোৱা খুজিব ৷
বহুত খোজকাঢ়িলে সি , এতিয়া ভৰিৰ পৰা তেজ ওলাই আছে তাৰ  ৷
তেতিয়াও ৰখিবলৈ কোনো প্রচেষ্ট নাই তাৰ,
সি নিৰবিচ্ছিন্ন ভাৱে আগুৱাই গৈয়ে আছে ৷
চাৰিওফালে আন্ধাৰ বিয়পি পৰিল এনেকুৱা লাগি  আছে   ৷
হঠাৎ উজটি খাই বাগৰি পৰে চোহেল ৷
তেতিয়াওঁ তাৰ কাণত ভাহি আহে মধুৰ এটি কণ্ঠ ,
" দুখ পোৱা নাই তো তুমি ,
মই তো আৰু পলাই যোৱা নাই ৷
মইতো শান্তিৰে টোপনি গৈছো চিৰদিনৰ বাবে ৷
আচলতে চোহেলৰ নীলা তো এতিয়া আৰু নাই ৷
তিনি মাহ আগত মৃত্যু হ'ল নীলাৰ ৷

সেই দুখ চোহেলয়ে সয্য কৰিব পৰা নাই ৷

অস্থ  হোৱা    সূর্যৰ  দৰে  তাৰ   জীৱনটো ও   অস্থ  হৈ   গ'ল     ৷ 

চোহেল এগৰাকী মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ৷
বহুত কষ্ট কৰি পঢ়া - শুনা কৰিছিল ৷
তাৰ সপোন সি এদিন ডাঙৰ মানুহ হ'ব ৷
নিজৰ ভৰিত থিয় হ'ব ৷

আৰু আনফালে হ'ল নীলা ৷
ধনী বাপেকৰ একমাত্র জীয়ৰী ৷
তাইৰ কোনো বস্তুৰ একো অভাৱ নাই ৷

চোহেল ভাল কবিতা লিখিছিলে ,
ফেচবুকত নাম ও আছিলে তাৰ ৷
তাৰ কবিতাবোৰ অসাধাৰণ আছিলে ৷

এদিন এটি আইডি'ৰ পৰা ফ্রেন্ড ৰিকুয়েষ্ট আহিল   চোহেলৰ   তাত   ৷

নীলা ৱান্টচ্ টু বি ইউৰ ফ্রেন্ড ।

চোহেল য়ে এক্সেপ্ট কৰিলে তাইৰ ফ্রেন্ড ৰিকুয়েষ্ট ৷

অলপ সময়ৰ পিছত নীলাই চোহেলক  এটি  মেছেজ দিয়ে   ৷

নীলা :- আপোনি অসাধাৰণ কবিতা লিখে ৷

চোহেল :- ক'ত , নাই ৷
ইমান ধুনীয়া নহয় তো ৷

নীলা :- মই আপোনাৰ কবিতাবোৰ পঢ়িছো ৷
বহুত ভাল লাগিছে মোৰ তাত ৷

চোহেল :- ধন্যবাদ ।

( সি দিনা এই খিনিতে শেষ )

ৰাতি চোহেল ছাদত বহি
অন্ধকাৰ   ডাৱৰে  আৱৰি ৰখা চন্দ্রটোৰ ফালে চাই আছে ৷
ঠিক সেই সময়তে এটা ফোন আহিলে… …

চোহেল :- হেল্লো

নীলা :- চোহেল

চোহেল :- মই তো চোহেল নহ ওঁ ৷ তেতিয়া হ'লে ফোন কৰাৰ কাৰণ কি

নীলা :- আপোনি তো ডাৱৰৰ ৰং

চোহেল :- ভাল কথা কোৱা  তুমি 

নীলা :- ভাল কবিতা লিখে আপোনি

চোহেল :- ধন্যবাদ ।

নীলা  :-  বন্ধু   হ'ব  পাৰো নে  ?

চোহেল  :- নিশ্চয়  পাৰা   ৷

এনেকৈয়ে   সিহতৰ  মাজত   বন্ধুত্ব   আৰম্ভ  হয়   ৷
ৰাতি  হাৰে   থাকি   কথা  পাতে  ৷ কিয়   জানো   এই   বন্ধুত্ব   ভালপোৱাত  পৰিণত   হৈ   গ'ল       ৷
সিহঁত    দুয়ো  দুয়োকে   বহুত   ভালপায়  কিন্তু  কোনেও   কাকো   ক'ব  নোৱাৰে    ৷
কেতিয়াওঁ  দেখা   নহয়  সিহঁতৰ  ,
চোহেল   বহুত  বাৰ  কৈছে  কিন্তু  নীলা  দেখা  নকৰে  ৷
আজি    চোহেল   বহুত  সুখী  ইমান  দিনৰ   অন্তত  সি   আজি   নীলাৰ   লগত     লগ   কৰিব  ৷
সময় মতে  চোহেল  সেই  স্থানত  আহি  উপস্থিত   হ'ল   য'ত  নীলাই  চোহেলক  মাতিছে    ৷
সি  নীলাৰ  ফালে  চাই  আচৰিত  হৈ   গ'ল ,

তাই   আজি   নীলা   ৰংৰ  শাড়ী  পিন্ধিছে  ,
হাতত   তাইৰ   নীলা  ৰংৰ  খাৰু  ,
কপালত   তাইৰ   নীলা   ৰংৰ  ফুট    এনে  লাগিছিলে  তাই  যেন   এজনী    নীল    পৰী   ৷

নীলা  :-  কি   হ'ল  ?  কি  চাই   আছা   নো  ইমান   ?
বহা      ৷

চোহেল  :-  নীলা  তোমাক  আজি   বহুত   ধুনীয়া   লাগিছে   ৷

নীলা  :-   হয়    নেকি   ?

চোহেল  :-   অ   ,

তোমাক  কথা  এটা  কওঁ   নে   ?

নীলা  :-  কোৱা    ৷

চোহেল  :-  নীলা   মই   তোমাক  বহুত    ভালপাওঁ    আৰু   তোমাক   মোৰ   জীৱনসংঙ্গীনী   ৰূপে   পাব   বিছাৰো    ৷

চোহেলৰ  কথা  শুনি    নীলাৰ   চকু  দি   নিৰবিচ্ছিন্ন  ভাৱে   চকুলো  বৈ     আছে   ৷
কেনেকে   তাই   চোহেলক   বুজাব   যে   তাইৰ   জীৱনটো   ক্ষণস্থায়ী    ৷
তাই    নিজকেই  বা    কেনেকে  বুজাব  ,
তাই তো    চোহেলক   ভালপায়   পেলাইছে    ৷

নীলা  :-  চোহেল   মই ও  তোমাক   বহুত   ভালপাওঁ  ৷
কিন্তু   মোৰ   ক্ষণস্থায়ী    জীৱনৰ   লগত   তোমাক 
ইনবলভ   কৰিব   নিবিচাৰো  ৷


চোহেল   :-  কি   কৈ  আছা  নো   এইবোৰ  তুমি   ?

নীলা  :-  হয়তো   মই  আৰু  জীয়াই   নাথাকো    ৷   কাৰণ 
মোৰ   দুয়োটা   কিডনি  বেয়া   হৈ   গ'ল      ৷
কালি      আমেৰিকা    যাম   ৷
শেষ   চেষ্টা    কৰিম    তাত  ৷

( চোহেলৰ   মূখত   একো  কথা   নাই  ,  মনে  মনে  বহি    আছে   ৷  )

নীলা  :-  কি   হ'ল   ? কিবা  এটা   কোৱা    ৷
মোৰ   কাৰণে  এটা    বস্তু   আনিবা    ৷

চোহেল  :-   কি    ?

নীলা   :-  তুমি … ……

নীলাই   একো   ক'ব   নোৱাৰিলে  আৰু   তাৰ  পৰা  উঠি   গুছি   গ'ল   ৷
তাৰ   পিছত   আৰু   কেতিয়াও    চোহেলৰ    লগত     নীলাৰ   কোনো  দিন  ও     কথা   নহ'ল    ৷

চোহেল   এতিয়াও   বিশ্বাস  কৰে     যে   তাৰ   নীলা    এদিন   নিশ্চয়  ওভতি    আহিব      তাৰ   ওচৰত   ৷
চোহেল   এতিয়াও    নীলাক      বিচাৰি  ফুৰে     এইটো   জনাৰ  পিছত  ও  যে   নীলা   আৰু    নাই    ৷
-
-
লিখক  :- ছাদ্দাম   হোচাইন
-
-
নগাঁও      অসম

অমৰ প্রেম অমৰ   প্রেম Reviewed by Saddam Hussain on November 24, 2014 Rating: 5

No comments:

Powered by Blogger.