স্মৃতিভ্রষ্ট বিষণ্ণ মেঘলা দুপৰৰ
কাঁচভঙা খিৰিকীৰ কাষত ,
অপেক্ষাতুৰ টলমল তাৰ চকুলো নুমছিব হয়তো কোনেও আহি ৷
নীলা বিষাদৰ চকুলো বৈ যায় ,
বগা ডাৱৰৰ শ্রাবণৰ হাহাকাৰে ভৰি থকা পথৰ ফালে চাই থাকে তেতিয়াও ,
উদাসীন দুটি ব্যথাকাতৰ চকু ৷
জলন্ত এটি অভিমানে যেন সম্পূর্ণ কৰে তাক যেনেকে
শ্বচানত পুৰি থাকে চন্দন কাঠ ৷
মাজে মাজে বিচাৰে সি ,
বিষাদৰ পুতুল খেলাঘৰ ভাঙি দিবৰ,
ভাঙি টুকুৰা - টুকুৰ কৰি দিব বিচাৰে মিছা সম্ভাষণে গঢ়া হৃদয়টোক ,
কোনো এক পূৰণা কঠিন শিলত দলিয়াই ভাঙি পেলাবৰ ৷
আকৌ নতুন কৈ গঢ়ি তুলিব জীৱনটোক ৰামধেনুৰ সাত ৰংৰে
মিথ্যা পৰিচয় ছিঙি ভালপোৱাৰ নতুন জুই জ্বলাব ৷
জ্বলিব সেই ঠাইত , দগ্ধ হ'ব আৰু জন্মিব কিছুমান নতুন বিশ্বাস - নতুন প্রেমাতাল স্বপ্ন,
অহংকাৰ !
ক্লান্ত নীলিমা যি ঠাইত নাভাঙে পুৰণি দেৱাল ,
থাকিব নতুন টোপনি কপাঁ মাতাল চকু আৰু কিছুমান ৰূপালী ভালপোৱাৰ ঝিল্ মিল্ খেল ৷
এইখিনিয়ে বিচাৰে সি জনমে - জনমে
স্বচ্ছ কাঁচৰ অন্তৰালত কাল্পনিক প্রেমক একেবাৰে কাষত পায় ৷
অৱসন্ন বিষাদৰ বুকুত স্নিগ্ধ ৰ'দ বিয়পাই দিব ,
মেঘপৰীৰ মুকলি চুলিত
অজস্র- নীল জোনাকৰ মেলা, যেতিয়া আসন্ন
সন্ধিয়া সময় ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
November 03, 2014
Rating:
No comments: