নাইবা তুমি মোৰ লগত বান্ধিলা সাত পাকৰ জীৱন ,
তথাপিও দু হাত দি সজাম তোমাক দেৱীৰ নিচিনা ৷
- দেৱী ?
-অ, ,, তোমাক বিয়াৰ সময়ত মই দেৱীৰ নিচিনা সজাম ৷
আচ্ছা তোমাক দেৱীৰ নিচিনা সজাব দিবা নে মোক ?
হঠাৎ কৰি আবেগপ্রৱন জীৱনৰ পৰা বাস্তৱ জীৱনত ওভতি আহিলে চোহেল ৷
চোহেল আৰু নীলা একেলগেই পঢ়ে ৷
সিহঁতে এজনে আনজনক বহুত ভালপাই ৷
কিন্তু সিহঁতৰ ভয় ও লাগে
কাৰণ সিহঁত দুয়ো দুয়োকে বিয়া পাতিব পাৰে নে নাই ৷
নীলা :- মোক এটা কথা দিবা নে চোহেল ?
চোহেল :- কোৱা ,তোমাৰ মুখৰ ফালে চাই সকলো কৰিব পাৰো মই ৷
নীলা :- মোৰ বিয়া হৈ গ'লে তুমি নাকান্দিবা ,
আৰু আন এজনীক বিয়া পাতি ল'বা ৷
চোহেল :- ইচ্ছা কৰি কি চকুলো বন্ধ কৰি ৰখিব পাৰি ?
এইটো কি সম্ভৱ ?
নীলা :- কিন্তু তুমি এইটো সম্ভৱ কৰিব লাগিব ৷
মই নিবিচাৰো মোৰ কাৰণে তোমাৰ জীৱনটো ধ্বংস হওঁক ৷
চোহেল :- নীলা , তুমি এটা কথা দিব পাৰিবা নে মোক ?
নীলা :- হুম্ কোৱা , চেষ্টা কৰিম ৷
চোহেল : - তোমাৰ যদি বিয়া হৈ যায় তেতিয়াহলে তুমি সকলো পাহৰি যাবা ,
নতুনকে জীৱনটো আৰম্ভ কৰিবা ৷
আৰু নতুন জীৱনৰ ব্যাস্ততাত সকলো পাহৰি যাবা , কথা দিয়া ৷
নীলা :- হুম্ , মই তো সেয়া কৰিবই লাগিব চোহেল ৷
চোহেল : - সেইটোৱে বহুত , তুমি সুখত থাকিলে আন একো নিবিচাৰো মই ,
ভালপাই এইটোৱে বিচাৰিছিলো মই তুমি সুখত থাকা ৷
নীলা :- তেতিয়াহলে তুমি ও সুখত থাকিবা কথা দিয়া চোহেল ৷
চোহেল :- তুমি মোৰ কাৰণে অপেক্ষা কৰিব পাৰিবা নে ?
নীলা :- তোমাৰ কাৰণে গোটেই জীৱন অপেক্ষা কৰিব পাৰিম ৷
কিন্তু পৰিয়ালৰ মানুহে তো নামানে চোহেল ৷
কিমান বছৰ লাগিব তোমাৰ চোহেল ?
চোহেল :- কম পক্ষেও আৰু সাত বছৰ ৷
আৰু ভাল ক'ৰবাত ভর্তি হ'ব পাৰিলে তোমাক মোৰ আমানত হিচাপে তোমাৰ দেউতাৰ ওচৰত থৈ আহিম ৷
নীলা :- হুম , পাৰিম তোমাৰ কাৰণে তোমাৰ অপেক্ষা কৰিম ৷
চোহেল :- সেইটোৱে মোৰ কাৰণে বহুত ৷
নীলা :- কিয় ?
চোহেল :- লাভ ইউ নীলা ৷
নীলা :- হেট ইউ চোহেল ৷
আকৌ আৰম্ভ হ'ল সিহঁতৰ অভিমানী কাজিয়া ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
October 25, 2014
Rating:
No comments: