শেষ আবেলিৰ বগা ডাৱৰৰ শূন্যতাত ,
হৃদয়ৰ অনুৰাগত মই খুজো তোমাক ৷
কুৱলীৰ চাদৰত আবেলি বাগৰি সন্ধিয়া আহে
আজি মনৰ আকাশত অকল তুমি নাই ওচৰত
পাখি নোহোৱা চৰাইৰ নিচিনা মই বিচাৰি ফুৰো ঠিকনা
আকাশৰ ফালে চাই দেখো
চন্দ্র বিহীন হেজাৰ হেজাৰ তৰা ৰ অহা - যোৱা ৷
তেতিয়াওঁ গভীৰ ৰাতি সপোন ভাহি উঠে দু চকুত
তেতিয়া কিয় দুঃস্বপ্ন হৈ যায় মেঘে আৱৰা পোহৰ
আৰু কুৱলীয়ে আৱৰি ৰখা ফুল ফুলি উঠে মোৰ পদূলিত ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
এটি পথৰ সন্ধান
Reviewed by Saddam Hussain
on
October 21, 2014
Rating:
Reviewed by Saddam Hussain
on
October 21, 2014
Rating:
No comments: