সৰু ছোৱালী পৰী ৷
তাই পিন্ধা কাপোৰবোৰ বহুত জেগাত ছিঙা ,
আৰু তেজৰ দাগ ৷
একেবাৰে অচেতন অৱস্থা তাইৰ ৷
ছোৱালীজনীৰ এনেকুৱা অৱস্থা দেখি মাক অজ্ঞান হৈ পৰিলে ৷
বহুতেই অমানৱিক অত্যাচাৰ চলায় ছোৱালীজনীৰ ওপৰত সেই নৰপিশাচ বিলাকে ৷
স্কুলৰ পৰা ঘৰমুৱা হোৱাৰ সময়ত তাইৰ হাত ভৰি আৰু মূখখন বান্ধি এক
নির্জন ঠাইত নি সিহতৰ আত্ম সন্তুষ্টি ভোগ কৰে ৷
এই নৰপিশাচ বিলাকৰ
অলপ ও মৰম আৰু দয়া ওপজা নাই নে এই ছোৱালীজনীৰ প্রতি ৷
হিংস্র ক্ষুধার্ত জন্তুৰ নিচিনা জপিয়াই পৰিলে এই ছোৱালীজনীৰ ওপৰত ৷
পৰীৰ অৱস্থা একেবাৰে বেয়া ৷
অৱশেষত তাই অলপ চকু মেলি চালে ৷
চকু মেলাৰ লগে লগে তাই মা মা বুলি মাতিব ধৰিলে ৷
মাক ছোৱালীজনীৰ ওচৰতয়ে আছিলে ৷
আগুৱাই আহি ছোৱালীজনীৰ মূৰত হাতখন ৰাখিলে ৷
মা আৰু ছোৱালী দুজনীৰে চকুত চকুলো ৷
পৰী বহুত কষ্ট কৰি মাকৰ লগত কথা পাতিবৰ চেষ্টা কৰিছে ৷
অবশেষত কান্দোন মিস্রিত
কণ্ঠৰে পৰীয়ে মাকক ক'ব ধৰিলে ……
মা , মোক সিহতে এনেকে মাৰিছে কিয় মা , মা মোৰ পেটত বহুত বিষাই আছে ৷
মা , সিহতে মোক কিয় এনেকুৱা কৰিছে ?
মাকে ছোৱালীজনীৰ কথা শুনি অকল নিৰবিচ্ছিন্ন ভাৱে কান্দিছে , ছোৱালীজনীৰ এই
প্রশ্নৰ কোনো উত্তৰ নাই মাকৰ ওচৰত ৷
এনেকে পাৰ হৈ যায় তিনি দিন ৷
ডক্তৰবোৰয়ে বহুত চেষ্ট কৰিও পৰীক বচাব নোৱাৰিলে ৷
তিন দিন পিছত পৰী এই পৃথিৱীৰ মায়া এৰি গুচি যায় ৷
নিমিত্তেই ধূলিকণা হৈ যায় তাইৰ মাকৰ বহু সপোন ৷
এনেকে আমাৰ দেশত পৰীৰ নিচিনা হাজাৰ হাজাৰ ছোৱালী বলি হৈছে ৷
হাজাৰ হাজাৰ মাকৰ বুকু খালী হৈছে ৷
নাজানো কেতিয়া আমাৰ দেশৰ নিৰীহ মানুহ বিলাক সুখ শান্তিত বস-বাস কৰিব পাৰিব ৷
(এইটো এটা কাল্পনিক গল্প ৷ )
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
September 16, 2014
Rating:
No comments: