script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js">
banner image

নীলা খামৰ চিঠি

নীলা……
জানো তুমি বহুত ভালে আছা ৷
মোক এৰি , মোৰ ভুৱন ত্যাগ কৰি আনএজনৰ বিলাশবহুল ঘৰত ৷
ভালপোৱা মানুহজনীৰ যাতে কেতিয়াও কোনোদিন একো দুখ নহয় ৷

নীলা…

তুমি ছাগে নিশ্চয় জানা ,
তুমিহীনা মোৰ এই ভুৱন আন্ধাৰ কলা ডাৱৰে আৱৰা ৷
যেতিয়া তোমাৰ ওচৰত আপোন বুলি ক'বলৈ নাছিল কোনো তেতিয়া ঠাই দিছিলো মোৰ বুকুত ৷
একেলগে দুয়ো - দুয়োৰে হাত ধৰি খোজকাঢ়িছিলো লুইতৰ পাৰত থকা তেজপুৰৰ উদ্যানখনত
আৰু কথা দিছিলো…
" নাযাওঁ কেতিয়াও তোমাক অকলশৰীয়া কৰি ৷"
তথাপিওঁ কিয় মই আজি অকলশৰীয়া ?
জানোছা মই হেৰাই যোৱা নাই , হেৰাইছো তোমাক ৷
যেতিয়া দুখৰ ব্যাথাত নিমজ্জিত, তেতিয়া অকল মই আছিলো তোমাৰ কাষত আৰু হাত বুলাই দিছিলো তোমাৰ কপালত যাতে তুমি আকৌ উজ্জ্বল হৈ উঠিব পাৰা ৷
আজি তুমি চহৰৰ বিলাশবহুল অট্টালিকাত বেনাৰসি শাড়ী পিন্ধি সকলোৰে মন জয় কৰি
লৈছা ৷
সুখ দুখ ভাগ কৰি নিয়াৰ নতুন সঙ্গি পাইছা ৷
এতিয়া মই ক'ত আছো ,
কেনে আছো সেয়া এবাৰ ও ভাৱিছা নে ?
ৰৈ পেলাই দেখিছা নে এবাৰ ও পিছফালে ওভতি ?
মই এতিয়াওঁ সেই ঠাইতেই ৰৈ আছো নীলা ,
য'ত মোৰ নীলাক লৈ গোটেই জীৱন  একেলগে   কটাম  বুলি শপত লৈছিলো ৷

হয়… … মই এতিয়াওঁ তোমাৰ অপেক্ষাত ৰৈ আছো ৷
জানো তুমি ওভতি আহিব নোৱাৰা তথাপিও তোমাৰ লগত সময় কটোৱা টিউচনৰ সেই তিনিআলী আৰু কলংৰ পাৰৰ সেই ৰেষ্টুৰেন্টখনত গৈ আজি ও অধীৰ ভাৱে তোমাৰ বাট চাই থাকো তুমি ওভতি আহিবা বুলি ৷

প্রতিদিনাই মোৰ আন্ধৰ ভুৱনত বাঁস সাজি থাকে নানা বর্ণৰ দুখ - কষ্টৰে আৱৰা প্রশ্নই ।
ক'ত তুমি ?
কেনে আছা তুমি ?
মোৰ কথা অলপ ও মনত নপৰে নে তোমাৰ ?

লাহে  লাহে  মনৰ  এই  শ  শ
বর্ণৰ   প্রশ্নবোৰেও  সিহঁতৰ  বর্ণ   হেৰুৱাব  ধৰিছে  তোমাৰ  পিছে  পিছে  ৷
সকলো  হেৰুৱাই  আজি  মই  অকলশৰীয়া   তথাপিওঁ   নকওঁ  তোমাৰ  সুখবোৰ   উপেক্ষা  কৰি   ওভতি  আহা  মোৰ   ওচৰত  ৷
মনত   বহুত   আশা লৈ  কৈছিলো  তোমাক  ,
" এদিন   তুমি  বহুত  সুখী  হ'বা   ৷ "
আজি  মোৰ  সেই  আশা  তুমি   সফল   কৰিছা    কিন্তু  কেতিয়াওঁ  ভৱা  নাছিলো  যে  মোৰ  নীলাৰ  সুখৰ   মাজত   নাথাকিব  মোৰ  অস্তিত্ত    ৷
তথাপিওঁ   মই   সুখী  তোমাৰ   সুখত  ,
আলোকিত   মই   তোমাৰ 
প্রতি   মোৰ  ভালপোৱাৰ পোহৰতে   ৷
বহুত  ভালপাওঁ   তোমাক  নীলা   ,
বহুত   ভালপাওঁ    ৷

ভালে    থাকিবা     ৷
তোমাৰ  পৰা  মই   ভালপোৱাৰ  বিনিময়  বিচৰা  নাই  ,
বিচৰা    নাই    কষ্টৰ   প্রতিদান।
যদি    সম্ভৱ   হয়   তেতিয়া  দূৰৰ  পৰায়ে    এবাৰ    চাই  যাবা    যাতে  মনৰ   মাজত  আকৌ   তোমাৰ   অস্তিত্ত্ব   অনুভৱ   কৰি   বাকী   জীৱনখিনি   কটাই  দিব   পাৰো     ৷

              ইতি -
   নীলা  বিহীন  ছাদ্দাম   ৷
-
-
-
লিখক  :- ছাদ্দাম  হোচাইন
-
-
নগাঁও       অসম       ৷

নীলা খামৰ চিঠি নীলা খামৰ  চিঠি Reviewed by Saddam Hussain on September 02, 2015 Rating: 5

No comments:

Powered by Blogger.