সৌ পাহাৰৰ দাঁতিত এজনী আজলী ছোৱালী থাকে ৷
তাইৰ মৌসনা মূখখন বৰ ধুনীয়া ৷
তাইৰ মূখখন চালে পাহৰি যাওঁ মই মোৰ সকলো দুখ - বেদনা ৷
ৰঙা - নীলা পখিলাবোৰৰ সৈতে তাই নাচি - ভাগি ফুৰে কেতিয়াবা পাহাৰৰ দাঁতিত আৰু কেতিয়াবা লুইতৰ পাৰৰ নিজন ঠাই ডোখৰত ৷
তাইৰ কাজল সনা চকুযুৰিত আছে এক অদ্ভুত শিসৰণ ৷
তাইৰ মৰম লগা হাঁহিৰ আঁৰত যেন লুকাই আছে মোৰ জীৱনৰ সুখ ৷
তাই বিচাৰে এনেকৈয়ে মুক্তমনে নাচি - ভাগি ফুৰিবলে আৰু মই বিচাৰো তাইক এনেকৈয়ে চাই থাকিব ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
আজলী ছোৱালী
Reviewed by Saddam Hussain
on
August 20, 2015
Rating:
Reviewed by Saddam Hussain
on
August 20, 2015
Rating:
No comments: