এদিন এজন ল'ৰাই কিবা এটা কাৰণত আত্মহত্যা কৰিব বিচাৰিলে ৷
কিন্তু সি আত্মহত্যা কৰাৰ আগত দুটা বার্তা পঠিয়ালে ৷
প্রথমখন বার্তা তাৰ প্রেমীকাক আৰু দ্বিতীয়খন বার্তা তাৰ এজন বন্ধুক পঠিয়ালে ৷
" মই গৈ আছো সোনকালে উত্তৰ দিয়া ৷"
অলপ পিছতেই তাৰ প্রেমীকাৰ বার্তাৰ উত্তৰটো আহিল ৷
প্রেমীকা :- অ্ ! যোৱা ৷
মই অলপ ব্যস্থ আছো ৷
পিছত কথা পাতি আছো তোমাৰ লগত ৷
এয়া দেখি ল'ৰাজনৰ মনটো আৰু বেয়া হৈ গ'ল ৷
ঠিক সেই সময়তে তাৰ বন্ধুৰ বার্তাৰ উত্তৰটো আহিল ৷
বন্ধু :- তই মোক এৰি ক'ত গৈ আছো ?
অলপ সময় ৰ ৷
মই ৫ মিনিটৰ ভিতৰত তহঁতৰ ঘৰত আহি আছো ৷
বার্তাখন পঢ়ি ল'ৰাজন হাহিঁলে ৷
আৰু মনে মনে ভাৱিলে ,
" আজিও প্রেম বন্ধুত্বৰ ওচৰত পৰাজয় হ'ল ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
Reviewed by Saddam Hussain
on
March 29, 2015
Rating:
No comments: