ছাদ্দাম 'ৰ সপোন কল্পনা
-------------------------
মই অনুভূতিহীন জগতৰ অচিনাকী এক পথিক
সেই ঠাইত কল্পনাৰ সুন্দৰ ৰাজ্য গঢ়িছো
কল্পনাৰ ৰাজ্যত তুমি আহা
মোৰ কাষত থাকা যেতিয়ালৈকে মই চকু নোখোলো
তুমি মই আমি দুয়ো কথা পাতো
ঘূৰি - ফুৰো হাতত হাত ৰাখি কল্পিত কল্পনাৰ ৰাজ্যত
কেতিয়াবা তুমি আকাশৰ জোন দেখা মোৰ কোলাত মূৰ থৈ
এয়া যে আমি কিমান কি ভাৱো , কিমাম কথা কওঁ ,
কিমান ভালপাওঁ দুয়ো দুয়োকে কোনেও তো নাজানে
মই চকু বন্ধ কৰিলেই তুমি আহি যোৱা,
এনেকুৱা লাগে তেতিয়া গোটেই জীৱন আৰু চকু নোখোলো
মোৰ কল্পিত ভালপোৱাক লৈ ঘূৰি - ফুৰিম ,
কটাই দিম কল্পনাৰ ৰাজ্যত জীৱনৰ সকলো খিনি সময় ৷
( মানুহৰ জীৱন দুটা সপোনত আবদ্ধ ৷
এটি হ'ল অনুভূতিহীন কল্পনা আৰু আনটো হ'ল বাস্তৱতাৰ কঠিন সপোন ৷)
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
November 20, 2014
Rating:
No comments: