মেঘাচন্ন আকাশৰ এক অতৃপ্ত সন্ধিয়া
এটি সপোন , দুটি প্রানৰ অপমৃত্যু
দায়ী কোন ?
হয়তো মই ,অথবা তুমি
হয়তো আমাৰ নিচিনাই দুর্ভগীয়া আমাৰ নিয়তি
কাইট আবৃত্ত এটি পথ অৱশ্যে খোলা আছিলে
কিন্তু সাহসৰ বৰ অভাৱ আছিলে বুকুত
সমাজৰ ভয়ত পৰিয়াল - পৰিজনৰ সংশয়ে সম্পর্কটোক নিজ হাতেই ডিঙিচেপি হত্যা কৰিলো
প্রচন্ড যন্ত্রনাত অনুভৱ কৰিলো মোৰ দেহৰ এটি অংশ যেন আন এটি দেহত
প্রতিস্থাপন
আৰু আজীৱন দন্ডত
দন্ডিত হৈ আৰম্ভ হ'ল
নিঃসঙ্গ একাকী এক অভিশপ্ত
জীৱনযাপন ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
নিঃসঙ্গ একাকী এক অভিশপ্ত জীৱন
Reviewed by Saddam Hussain
on
October 01, 2014
Rating:
Reviewed by Saddam Hussain
on
October 01, 2014
Rating:
No comments: