মই বুজিব পাৰিছো যে মই লাহে - লাহে মৃত্যুৰ ফালে আগুৱাই গৈ আছো ৷
অৱশ্যে জীয়াই থকাৰ অলপ ও আশা মোৰ মাজত নাই
৷
মোৰ সকলোবোৰ সপোন এটি এটিকৈ ভাঙি গ'ল ৷
মোৰ শেষ সম্বল আছিলা তুমি ,
তুমি ও গুচি গ'লা মোক এৰি ৷
মই কোনোদিন ও কল্পনা কৰা নাছিলো যে তুমি মোক এৰি থৈ গুছি যাবা ৷
তুমি মোক কৈছিলা যে তুমি নেকি মোক ঘৃণা কৰা ,
কিন্তু কিয় ?
তাৰ উত্তৰ মই আজি ও বিচাৰি পোৱা নাই ৷
মই কি এনেকুৱাই ভূল কৰিলো তোমাৰ ওচৰত ?
যিটো কাৰণে তুমি আমাৰ সম্পর্কটো এনেকে ভাঙি দিলা ?
মোৰ ভূল বিলাক কি ইমানেই ডাঙৰ ,
সেইবিলাক কি সুধৰাই ল'ব নোৱাৰি নে ?
মইতো একমাত্র তোমাকে ভালপাইছো ,
কোনো স্বার্থ নাছিলে আমাৰ ভালপোৱাত ৷
সেয়ে নিঃস্বার্থ ভাৱে ভালপায়ছিলো তোমাক ৷
মোৰ ভালপোৱাটো কি ইমানেই তুচ্ছ হৈ গ'ল তোমাৰ ওচৰত ৷
জানা, মই নহয় বহুত চেষ্টা কৰো ,
তোমাক এৰি সুখত থকাৰ
কিন্তু তোমাক পাহৰিবৰ কাৰণে মই যিয়ে কৰিব যাওঁ তাতে অকল তোমাকেই বিচাৰি পাওঁ ৷
আৰু মই আকৌ তোমাক হেৰুৱাৰ বিষাদত কাতৰ হৈ উঠো ৷
মোৰ কথাবিলাক " চিনেমা"ৰ ডাইলগ'ৰ নিচিনা লাগি আছে ন ?
মই যে প্রতি মহৃর্তই এই চিনেমা'ৰ অভিনয় কৰি গৈ আছো ৷
তোমাক এৰি মই সচাঁয়ে আৰু নোৱাৰিছো জীয়াই থাকিব ৷
মই এতিয়াও তুমি গুচি যোৱাৰ বাটত ৰৈ আছো তোমাৰ অপেক্ষাত ৷
মই এই পথটো এৰি আৰু সন্মূখত আগুৱাই যাব নোৱাৰিছো ৷
মই নিবিচাৰো এই পথ এৰি আন ক'ৰবাত যোৱাটো ৷
মই ইয়াতেই ৰৈ থাকিম তোমাৰ অপেক্ষাত ৷
তুমি নাহিবা নে কোৱা ?
মই জানো তুমি আহিবা ৷
তুমি যে আহিবৈ লাগিব ৷
কাৰণ তোমাৰ ভালপোৱাতো মিছা নহয় ,
অকল অভিমানটোহে মিছা ৷
তুমি যে মোক তোমাৰ নিজতকৈ ও বেছি ভালপোৱা ৷
আৰু সেই ভালপোৱাৰ টানে তোমাক তোমাৰ পাগল প্রেমিকৰ ওচৰত লৈ আহিব ৷
তুমি উভতি আহিলেই যে মই মোৰ জীয়াই থকাৰ আশা আকৌ ঘূৰাই পাম ৷
তোমাৰ পাগল প্রেমিকটোৱে তোমাক বহুত বহুত ভালপায় ৷
---ইতি
তোমাৰ পাগল প্রেমিক
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
September 28, 2014
Rating:
No comments: