যোৱাকালি নীলাক লৈ ফুচকা খাব গৈছিলো ৷
কলংৰ পাৰত ৷
মুকলি আকাশৰ তলত ওচৰা - ওচৰিকৈ বহিছিলো দুয়ো ৷
চাইছিলো তাইৰ ফালে অপলক দৃষ্টিতে ৷
মুগ্ধ শ্রোতা হৈ শুনিছিলো তাৰ ননস্টপ কথা যি এবাৰ আৰম্ভ হলে আৰু শেষ হ'বয়ে নিবিচাৰে ৷
বহুত ভালকৈ সাজিছিলে তাই সি দিনা ৷
মোৰ প্রিয় নীলা ৰংৰ ছালৱাৰ ,
চকুত কাজল , মুকলি চুলি ,
হাতত কাঁচৰ খাৰু আৰু কপালত সৰু কলা ফুট ৷
মুকলি চুলিবোৰ বতাহে বাৰে বাৰে তাইৰ চন্দ্রৰ নিচিনা উজ্জল মূখখনি ঢাকি দিছিলে ৷
আৰু মোৰ তাত এনেকুৱা লাগিছিল পৃথিৱীৰ সকলো সৌন্দর্য নীলাৰ লগত ৷
আৰু মই সেই সৌন্দর্য উপভোগ কৰাৰ একমাত্র দর্শক।
নীলাৰ চকুত চকু পৰাত তাইৰ কথা কোৱা বন্ধ হ'ল ৷
চকুৰ ভাষাত তাই সংকেত দি মোক বুজালে ,
-কি ?
-মই ও কথা নোকোৱাকে মূৰটো দি তাইক বুজালো একো নহয় ৷
- একো নহয় ?
-মিছিকিয়া হাঁহি এটি দি আকৌ মূৰটো দি বুজালো নহয় ৷
- তেতিয়া হলে তেনেকে চাই আছিলা কিয় ?
মই লাহেকৈ তাইৰ হাতটোত ধৰি ক'লো ,
বহুত ভালপাওঁ তোমাক ,
বহুত ৷
নীলাই মোৰ হাতত চিকটি দি লাহেকৈ ক'লে, ,,
হাত এৰা !
আৰু চকুৰ ভাষাত কি জানো এটা বুজালে ৷
ইফালে চাই দেখিলো ফুচকাৱালাই ফুচকা লৈ আহিছে ৷
মই দুখ পাই তাইৰ হাতটো এৰি খোৱাত মনযোগ দিলো ৷
একেখন ইন্ডিকা গাড়ীত ওচৰা - ওচৰিকৈ বহিছিলো দুয়ো আৰু নগাঁওৰ কলংৰ পাৰৰ পৰা তেজপুৰ অভিমূখে যাত্রা আৰম্ভ কৰিছিলো দুয়ো ৷
অতি মৰমতে নীলাই মোৰ দুবাহুৰ ওপৰত মূৰটো ৰাখি হাত দুটাৰে মোক ধৰি ৰাখিছিলে ৷
যেন এৰি দিলেই হেৰায় যাম ৷৷৷
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
September 20, 2014
Rating:
No comments: