অসমাপ্ত ভালপোৱা
--------------------------
চাৰিওফালে চিঞৰ - বাখৰ ৷
বিয়াৰ ঘৰ বুলি কথা ৷
তাৰ পাছত আকৌ চৌধুৰী পৰিয়ালৰ একমাত্র ছোৱালী ৷
আয়োজনৰ কোনো কমি ৰখা নাই চৌধুৰীয়ে ৷
আজি ইমান আনন্দ ইয়াৰ পিছত ও অকলে ঘৰত বহি আছে নীলা ৷
আজিৰ পিছত কালি হ'ব তাইৰ এক নতুন পৰিচয় ৷
পাহৰি যাব লাগিব অতীতৰ সকলোবোৰ স্মৃতি ৷
আজি চোহেলৰ কথা বহুত মনত পৰিছে তাইৰ ৷
৭ টা বছৰ একেলগে ঘূৰি -ফুৰা কিন্তু সেয়া অকল বন্ধু হিচাপে ৷
কিন্তু সেই বন্ধুত্তৰ মাজত লুকাই আছিলে নীলাৰ ভালপোৱা ৷
কিন্তু সেয়া কেতিয়াও প্রকাশ পোৱা নাই ৷
একেলগে বৰষুণত তিতা ,বাইক দি ঘূৰি - ফুৰা , কেতিয়াবা গোটেই ৰাতি মোবাইলত কথা পতা ৷
ইমান বোৰ কথাৰ মাজত ও এটা কথা খালী কোৱা হোৱা নাই ৷
মাজে মাজে নীলা ৰ খং উঠাবৰ কৰণে চোহেলয়ে I LovE YoU বুলি কৈছিলে ৷
এই কথা শুনি নীলা খং ত বম হৈ যায় ৷
নীলা ৰ এই খং দেখি চোহেলয়ে তেতিয়া বহুত হাঁহিছিলে ৷
এবাৰ নীলাৰ বৰ অসুখ হৈছিলে ৷
তেতিয়া তাইৰ ৪ দিন চোহেলৰ লগত কোনো দেখা হোৱা নাছিল ৷
চোহেল সাহস কৰি ও নীলাৰ ঘৰত যাব পৰা নাছিলে ৷
এদিন ৰাতি ১ বজাত প্রাচীৰ দেওয়ালৰ ওপৰেদি নীলাৰ লগত দেখা কৰিব আহিছিলে চোহেল ৷
তাৰ পিছদিনাখন নীলাৰ অসুখ ভাল হৈ গ'ল ৷
তেতিয়া চোহেলৰ ওপৰত বহুত সুখী হ'ল নীলা ৷
নীলাৰ বিশ্বাস আছিলে চোহেল ও তাইক ভালপায় ৷
আৰু সেই আশাতেই ইমান দিন অপেক্ষা কৰিছিলে নীলাই ৷
হয়তো এদিন চোহেলে তাৰ মনৰ কথা নীলাক ক'ব ৷
কিন্তু নীলাৰ সেই আশা পূৰন নহ'ল ৷
হয়তো চোহেলৰ কোনো ব্যক্তিগত কাৰণ আছিলে যাৰ কাৰণে নীলাক তাৰ মনৰ কথা ক'ব নোৱাৰিলে ৷
নীলা তাইৰ মাকক চোহেলৰ কথা ক'ব বিচাৰিছলে ,
কিন্তু ক'ব নোৱাৰিলে ৷
কাৰণ নীলা চৌধুৰী পৰিয়ালৰ ছোৱালী আৰু চোহেল এজন সামান্য পৰিয়ালৰ ল'ৰা ৷
নীলাৰ জন্মদিনত চোহেলে এটি আঙুঠি দিছিলে নীলাক , আৰু সেই আঙুঠি টোকেই চোহেলৰ স্মৃতি কৰি ৰাখিব বিচাৰে নীলাই ৷
নীলা যি দিনা তাইৰ বিয়াৰ কথা চোহেলক জনাই সিদিনা চোহেল একেবাৰে শান্ত হৈ পৰে ৷
যি টো চোহেল সকলো সময়তে বহুত হাঁহি ফূর্তিত থাকে সেই চোহেল একেবাৰে নিৰব হৈ পৰিল ৷
কিবা এটা ক'ব খুজিও ক'ব পাৰা নাই নীলাক ৷
অকল ক্ষন্তেক সময় এক দৃষ্টিত চাই থাকিল নীলাৰ ফালে ৷
নীলাই সিদিনা প্রথমবাৰ চোহেলৰ চকুত চকুলো দেখা পাইছিলে ৷
সিদিনা নীলাৰ চিঞৰি চিঞৰি ক'ব মন গৈছিলে যে… …
" চোহেল মই অকল তোমাকেই ভালপাও ৷ মই অকল তোমাৰ , তোমাক এৰি মই থাকিব নোৱাৰিম ৷"
কিন্তু মুখেৰে এটা কথাও ক'ব নোৱাৰিলে নীলা ৷
এইবোৰ কথা ভাৱি ভাৱি কেতিয়াৰ পৰা যে নীলাৰ চকুৰ পৰা চকুলো বৈ আছে সেয়াও নীলাৰ মনত নাই ৷
আৰু মাত্র এটা দিন তাৰ পিছতে নীলাৰ নামৰ লগত যোগ হ'ব এটা নতুন নাম ৷
চোহেলক পাহৰি যাব লাগিব চিৰদিনৰ কাৰণে ৷
কিন্তু চোহেলে কি পাৰিব তাইক পাহৰিব ????
-
-
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
-
নগাঁও অসম ৷
-
-
Reviewed by Saddam Hussain
on
August 06, 2014
Rating:
No comments: