মৰমৰ নীলা
-
-
চোহেল :- নীলাই কি বিছাৰে ?
নীলা :- যি নীলায়ে বিছাৰে তাকেই কি চোহেলয়ে দিব নে ?
চোহেল :- হুম ! দিব তো ৷
নীলা :- সঁচায়ে নে ?
চোহেল :- হুম ! সচায়ে ৷
নীলা :- চন্দ্রটো মোৰ ভৰিৰ ওচৰত আনি দিব পাৰিবা নে ?
চোহেল :- হুম ! পাৰিম ৷
হাঁহিছে নীলাই ৷ এই ল'ৰাটো যে কি ৷ সকলোতে অকল হয় বুলি কৈ থাকে ৷
কিন্তু তাই কি সঁচায়ে চন্দ্রটো বিচাৰে নে ?
নহয় তো ৷
চোহেলয়ে তাইক চন্দ্রটো আনি দিব বুলি কৈছে এইটোৱে তো বেছি ৷
আৰু তাৰ ভালপোৱাৰ পৰিমাণটো তো নীলায়ে ভাল কৈ জানে ৷
চোহেল :- হাঁহিছা যে কিয় নো ?
নীলা :- তোমাৰ কথা শুনি হাঁহিলো ৷
চন্দ্রটো কি ভৰিৰ ওচৰত অনা ইমান সহজ ?
চোহেল :- কালিৰ কাৰণে অপেক্ষা কৰা ৷
কালি এইটো তোমাৰ কাৰণে মোৰ উপহাৰ ৷
আজি সিহতৰ প্রথম দেখা হোৱা দিৱস ৷
৩ বছৰ আগত এই দিনখন নীলা আৰু চোহেলৰ প্রথম দেখা হয়।
নীলাৰ দিনটোৰ কথা মনত আছিলে ৷
তাই গোটেই দিন চোহেলৰ ফোনৰ অপেক্ষা কৰে ছাৰপ্রাইজৰ কাৰণে কিন্তু চোহেলৰ ফালৰ পৰা কোনো সাৰাশব্দ নাই ৷
কি হ'ল ?
এইফালে আজি ৰাতিপুৱাৰ পৰা নিৰবিচ্ছিন্নভাৱে বৰষুণ হৈয়েই আছে ৷
বৰষুণ এৰাৰ ও কোনো নাম নাই ৷
হঠাৎ কৰি সন্ধিয়াৰ অলপ আগতে বৰষুণ বন্ধ হৈ গ'ল ৷
আৰু সন্ধিয়াৰ পিছত আকাশত দেখা গ'ল অসম্ভৱ সুন্দৰ এটি চন্দ্র ৷
হঠাৎ ৰাতি প্রায় ৯ টা মান বজাত নীলাৰ ফোনটো বাজি উঠিলে ৷
ফোনটো লৈ কিছুক্ষণ চুপচাপ থিয় হৈ থাকিলে নীলা ৷
চোহেলে ফোন কৰিছে ৷
ফোনটো ৰিছিভ কৰিয়েই মনে মনে থাকিল নীলা ৷
চোহেল :- হেল্লো !
নীলা :- ………………
চোহেল :- ঠিক আছে কথা ক'ব নালাগে ৷
অলপ ছাদত যোৱা প্লিজ ৷
নীলা :- ইমান ৰাতি ?
কিয় ?
চোহেল :- অলপ পাছত কম কাৰণটো ৷
তুমি সোনকালে যোৱা প্লিজ আৰু ফোন নাকাটিবা ৷
ছাদত গৈ নীলা দেখে ছাদত পানী জমা হৈ আছে ৷
নীলা :- হুম ! মই ছাদত ৷
কোৱা কি ক'বা ৷
চোহেল :- চোৱা তোমাৰ ভৰিৰ ওচৰত আকাশৰ চন্দ্র আনি দিলো ৷
নীলা :- মানে ?
চোহেল :- তোমাৰ ভৰিৰ ওচৰত চোৱা ৷
সঁচায়ে তো ৷ নীলাৰ ভৰিৰ ওচৰত চন্দ্রৰ প্রতিচ্ছবি ৷
চোহেল টো ইমান পাগল কিয় ?
সঁচায়ে ল'ৰাটো মোৰ কাৰণে আকাশৰ চন্দ্রটো মোৰ ভৰিৰ তলত আনি দিলে ?
ইমান ভালপাই কিয় মোক লৰাটোৱে ?
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
-
-
Reviewed by Saddam Hussain
on
August 22, 2014
Rating:
No comments: