অশ্লিল ভালপোৱা
⇨
লেখক :- ছাদ্দাম হোচাইন
⇨
ৰাজেন :- কিমান দিনৰ ৰিলেশ্বন ভাই ?
চোহেল : - বেছি দিনৰ নহয় , মাত্র কেইদিনমান হ'ল ৷
ৰাজেন :- পাঁচ বছৰ ?
চোহেল : - নাই , নহয় , ইমানদিন হোৱা নাই ৷
ৰাজেন :- তেতিয়া হ'লে তিনি বছৰ ৷
চোহেল :- আৰে নহয় অ্ , এবছৰয়ে হোৱা নাই এতিয়াও ৷
ৰাজেন :- তেতিয়া হ'লে আৰু কিহৰ ৰিলেশ্বন , একো কৰা নাই নে ?
চোহেল :- কি কৰিম আকৌ ?
ৰাজেন :- নহয়, মই মানে কৈছিলো ডেটিং কৰা নাই নে ?
চোহেল :- নাই কৰা নাই , এইবিলাক চিন্তা কেতিয়াও মূৰত আহা নাই ৷
ৰাজেন :- তেতিয়া হ'লে আৰু কি ? এইটোক ভালপোৱা নকয় , ডেটিং কৰিব নোৱাৰিলে ছোৱালীজনীয়ে দেখুন দুদিন পিছত তোমাক পাহৰি যাব ৷
এই টাইপৰ কথাবোৰ প্রায়য়ে শুনি থাকো ৷
চোহেল :- ভালপোৱাৰ কাৰণে কি সময়টো বেছি গুৰুত্বপূর্ণ ?
সুন্দৰ পবিত্র এখন মনৰ কি কোনো দাম নাই নে ?
এদিনৰ কাৰণে ও কাৰোবাক হৃদয়ত স্থান দিলে তাক ভালপোৱা কয় ৷
এদিনৰ কাৰণে গাঁত হাত দিয়া তো দূৰৰ কথা তাইৰ হাতটো ও ধৰা নাই আজিলৈকে ৷
সেয়ে কি তাইক মই ভালনাপাও নে ?
ভালপোৱাৰ আন এটা নাম যদি ডেটিং হয়…
অশ্লীলতা হয় ।
তেতিয়া হলে মই কাকো ভালপাব নোৱাৰিলো ৷
আৰু নোৱাৰিম কোনো দিন ও…
আৰু এই অশ্লীলতাৰ দুৱাৰদলিত মোৰ ভালপোৱা পৰাজিত ৷
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন ৷
⇨
⇨
নগাঁও অসম
⇨
⇨
Reviewed by Saddam Hussain
on
August 02, 2014
Rating:
No comments: