অবুজ ভালপোৱা
⇨
ফেচবুক মেচেঞ্জাৰৰ "নীলা " নামৰ ওচৰত নীলা ৰংৰ অনলাইন লাইটটো জ্বলি উঠে ৷
মাত্র কেইমাহ মান হ'ল তাইৰ লগত পৰিচয় হোৱা ৷
এই অলপ কেইদিনৰ ভিতৰত মোক অসম্ভৱ ভালপায় পেলাই ছোৱালীজনীয়ে ৷
মই ও বহুত বেছি ভালপাও তাইক ৷
এই অলপ কেইদিনত মোৰ নিচিনা ল'ৰা এটাক মানুহ কৰাৰ কামত লাগি গ'ল তাই , যেন সৃষ্টিকর্তাই এই দায়িত্ব দি তাইক পৃথিৱীত পঠিয়াইছে ৷
মই কি কৰো , কি কৰিছো , কেতিয়া খাওঁ , কেতিয়া টোপনি যাওঁ ,,
এইবোৰ লৈয়ে তাইৰ চিন্তাৰ শেষ নাই গোটেই দিন ৷
ছোৱালীজনী সকলো সহ্য কৰিব পাৰে ৷ যদি গোটেই দিন গালি ও দি থাকো তেতিয়াও একো নকয় ৷
অকল মোৰ কিবা হ'লে সেইটো সহ্য কৰিব নোৱাৰে ৷
মোৰ সামান্য কিবা এটা হ'লে টেনশ্বনে তাইৰ গা বেয়া হৈ যায় ৷
আৰু দুটা বস্তু তাই সহ্য কৰিব নোৱাৰে ,
তাইৰ কাৰণে মোৰ অৱহেলা আৰু মোৰ চকুৰ পানী ৷
এই দুটা বস্তু একদম তাইৰ হার্টত আঘাত দিয়ে ৷
কান্দি কান্দি অস্থিৰ হৈ পৰে তাই ৷
হঠাৎ ফেচবুক মেচেঞ্জাৰৰ শব্দত ইনবক্সত বিচাৰি পাও তাইৰ মেছেজ ৷
-- ভালপোৱা নে ? (তাই)
-হুম!!
-- কিমান খিনি ?
-- মোৰ ভালপোৱা হিচাপ কৰাৰ নিচিনা ক্যালকুলেটৰ যে এতিয়াও আৱিষ্কাৰ হোৱা নাই ৷
-- হয় নেকি ?
-- হুম ,, হয় ৷
-- এনেকৈ ভালপাবা নে গোটেই জীৱন ?
-- মৃত্যুৰ দিনা লৈকে ৷
-- যদি কেতিয়াবা এৰি থৈ গুছি যোৱা ?
ৃ-- সেই দিনটো যে মোৰ জীৱনৰ শেষ দিন হয় ৷
-- আমাৰ বিয়াখন কেতিয়া হ'ব ?
- দেৰি আছে এতিয়াও ৷
- মই আৰু অপেক্ষা কৰিব নোৱাৰিম ৷
- অপেক্ষা কৰা আৰু অলপ ৷
- কি কাম অপেক্ষা কৰি ?
- তোমাক বিয়া পাতি খোৱাবৰ ব্যাৱস্থা কৰিব লাগিব তো ৷
- মই তো কম কে খাওঁ , বিয়াৰ পাছত দৰকাৰ হ'লে নাখাও য়ে ৷
-এইটো হয় নেকি ?
-হুম হয়।
- তাৰ মানে এতিয়াই বিয়া পাতিব লাগে ?
-- হুম, , সোনকালে ৷
-বিয়াৰ পাছত কোনোবাই যদি সুধে , " তোমাৰ গিৰিয়েক কি কৰে ? "
কি উত্তৰ দিবা তেতিয়া ?
-- নাজানো ৷
-- মই জানো ৷
-- কি ?
- বেকাৰ ৷
- নহয় , এইটো নহয় ৷
- তেতিয়া হ'লে কি হ'ব ?
--উত্তৰটো হ'ব , " মোক ভালপায় ৷ "
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন ৷
⇨
⇨
নগাঁও অসম ৷
Reviewed by Saddam Hussain
on
July 31, 2014
Rating:
No comments: