অলপ সুখৰ অনুভূতি
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন
⇨
⇨
চোহেল ঈদৰ বজাৰ কৰি ঘৰত ওভতি আহি আছে কিন্তু সি নাজানে সকলোকে সুখী কৰিব পাৰিব নে নাই ৷
সুখী নহলেও তাৰ কৰিবলগীয়া একো নাই , আজি তাৰ সেই ক্ষমতা নাই যে সকলোকে সুখী কৰিব পাৰিব ।
অই ৰিক্সা যাবা , ৰিক্সাত উঠি চোহেলয়ে তাৰ অতীতৰ দিনবোৰৰ কথা মনত পেলাইছে…
চোহেল এটা ব্যবসায় কৰিছিল যিটো তাৰ সচ্ছল ভাৱে চলিবৰ মাধ্যম আছিলে ৷
তাইৰ ছোৱালী মিলি , বয়স 17 বছৰ , ভাল এখন কলেজত পঢ়ে ৷
ল'ৰা বিত্তু , 5 বছৰ , দেউতাৰ বাহিৰে একো বুজি নাপায় ৷
সি এটাই বিচাৰে আইছক্ৰিম আৰু চকলেট ৷
নীলা চোহেলৰ পত্নী ,
ভালপাই বিয়া পাতিছে ,
বহুত ভালপাই নীলায়ে চোহেলক আৰু এই সংসাৰটোক ৷
চোহেলৰ মা , যাৰ দোৱাত চোহেল সকলো সময়ত সফলতা অর্জন কৰে ৷
এইটোৱে হ'ল চোহেলৰ পৰিয়াল ৷
ব্যবসায় ডাঙৰ কৰিবৰ কাৰণে চোহেল বহুত টকা ধাৰ কৰে সেইটোৱে তাৰ ভূল ৷
দাদা , আহি গ'লো ৷
ৰিক্সাৱালাৰ মাত শুনি চোহেলৰ ধ্যান
ভঙ্গ হয় ৷
-এইটো লোৱা ভাড়া
- তাক ভাড়াটো দি চোহেল ঘৰত সোমাই ৷
দুৱাৰটো খোলো তেই বিত্তু দৌৰি আহে দেউতাকৰ ওচৰত ৷
-এইটো লোৱা তুমাৰ চকলেট আৰু তোমাৰ ঈদৰ কাপোৰ ৷
বিত্তু তাৰ কাপোৰ পাই বহুত সুখী হয় , সকলোকে তাৰ কাপোৰ দেখাব লৈ যায় ৷
কি অবুঝ মন,দামি কম
দামি বুজি নাপাই , তাৰ কাপোৰ পাইয়ে সুখী ৷
মিলি আহিলে - দেউতা মোৰ কপোৰ ?
- এইটো লোৱা মামণি তোমাৰ কাপোৰ ৷
কাপোৰটো হাততলৈ মিলি কান্দি দিলে ৷
- এই কাপোৰ আনিছা তুমি , ইমান কমদামী ৷ মই এইটো নিপিন্ধো , মোৰ বান্ধৱীবোৰে কিমান ভাল আৰু দামী কাপোৰ পিন্ধিব আৰু মই এইটো পিন্ধি সিহতৰ সন্মুখত থিয় হ'ব নোৱাৰিম ৷
কাপোৰটো পেলাই দি কান্দি কান্দি নিজৰ কোঠাত গুছি যায় ৷
মিলি ডাঙৰ হৈছে দামী কমদামী বুজি পায় , তাকতো আৰু বুজাব নোৱাৰে ৷
তাৰ পিছত মাকৰ কোঠাত যায় চোহেল আৰু মাকৰ ওচৰত বহে ৷
চোহেল - মা তোমাৰ কাৰণে এই শাড়ীটো আনিলো , চোৱাচোন পছন্দ হয় নে নাই ?
মা :- মই কি তোমাক মোৰ কাৰণে শাড়ী আনিব কৈছো , সৰু এটা চাকৰি কৰা , কিমান টকা আৰু দৰমহা পোৱা , তুমি আগত দিয়া শাড়ীবোৰ এতিয়াও পিন্ধা হোৱা নাই আকৌ আনিছা কিয় ৷
তোমাৰ কাৰণে কি আনিছা ?
চোহেল :- মোৰ কাৰণে আৰু তোমাৰ বৌমাৰ কাৰণে একো অনা নাই ৷
টকা কম আছিলে সেয়ে ৷
ঈদৰ পিছত দুজনৰ কাপোৰ আনিম ৷
মা :- তুমি কেনেকে ভাৱিলা যে মই তোমাৰ বাহিৰে নতুন শাড়ী পিন্ধি তোমাৰ সন্মূখত যাব পাৰিম ৷
মই যে তোমাৰ মা ,তোমাৰ কাৰণে মই গোটেই জীৱন কষ্ট কৰিব পাৰিম ৷
নিজৰ কোঠাত আহি নীলাৰ ফালে চাই আছে চোহেল ৷
কিমান কষ্ট কৰি আছে এই অভাৱৰ সংসাৰত তাৰ ভালপোৱাৰ মানুহজনী যাক সি কথা দিছিলে যে কেতিয়াও কষ্ট নিদিয়ে ৷
নীলা :- কি হ'ল এনেকে চাই আছা কিয় ?
মই কি আগৰ পৰা সুন্দৰী হৈ গ'লো ?
চোহেল :- তুমি মোৰ তাত সকলো সময়তে সুন্দৰী আৰু মোৰ ৰাণী ৷
তুমাক ঈদত একো দিব নোৱাৰিম , চৰি ৷
নীলা :- তুমি মোক এইয়া চিনি পালা নে ৷
মই তুমাক ভালপাই বিয়া পাতিছো তোমাৰ সম্পত্তি চাই নহয় ৷
তুমি এই সংসাৰটোৰ কাৰণে কিমান কষ্ট কৰা সেইটো মোৰ বাহিৰে আৰু কোনে বুজিব ৷
চোহেল বাথৰুমত গৈ আইনাৰ সন্মূখত থিয় হৈ নিজকে দেখিছে আৰু শব্দ বিহীন কান্দিছে , যাতে কোনেও নুবুজে ৷
আজি সি সংসাৰৰ সকলোৰ ওচৰত ব্যর্থ ৷
ঈদৰ দিনা চোহেল তাৰ পূৰনা এটি কাপোৰ পিন্ধে ৷
মিলি তাৰ দেউতাকক পূৰনা কাপোৰ পিন্ধা দেখি আচৰিত হয় আৰু দৌৰি মাকৰ ওচৰত যায় ৷
মিলি :- মা , দেউতা কি নিজৰ কাৰণে একো লোৱা নাই ?
নীলা :- তোমাৰ দেউতা যি দৰমহা পায় সেইটো দি সকলোৰে কাৰণে কাপোৰ কিনা নাযায় ৷
তুমি ডাঙৰ হৈ গৈছা ভাল বেয়া বুজি পোৱা সেয়ে তোমাৰ কাৰণে বহুত টকা খৰচ কৰিছে ৷
যোৱা গাঁধুই ৰেডি হোৱা ৷
মিলি নিজৰ কোঠাত আহি বহুত কান্দে ৷
দেউতাক কিমান কষ্ট দিছে সিদিনা ৷
তাই ডাঙৰ হৈ ও দেউতাৰ কষ্ট বুজি নাপালে ৷
চোহেল ঘৰত আহি দেখে যে তাৰ কাৰণে সকলো অপেক্ষা কৰি আছে ৷
মিলি চোহেলক সাৱটি ধৰি কান্দিছে ৷
দেউতা মই তোমাক অনেক কষ্ট দিছো মোক মাফ কৰি দিয়া ৷
চোহেল :- নহয় মামণি , একো নহয় , ব'লা খাব যাও ৷
নীলা হাতত কিবা এটা লৈ আহিলে আৰু সেইটো চোহেলক দিলে ৷
চোহেল হাতত লৈ দেখিলে যে গহনাৰ বাকচ ৷
-এইবিলাক কি , মোক কিয় দিছা /
-চোৱা , মানুহৰ ভাগ্যৰ ওপৰত কাৰো হাত নাই , এইবোৰ মই বৌমাক দিছো তুমাক দিব ,তুমি আকৌ নতুন ব্যবসায় আৰম্ভ কৰা এইবাৰ নিশ্চয় সফল হ'বা ৷
মাকক সাৱটি ধৰি চোহেল কান্দে ৷
বিত্তু সকলোকে কান্দা দেখি কয়,
" দেউতা কান্দি আছা কিয় ?"
চোহেল :- এইটো সুখৰ কান্দোন , তুমি নুবুজিবা ৷
বিত্তু তাৰ পকেটৰ পৰা এটা ললিপপ ওলায় , আৰু ক'লে তোমালোক সকলোৱে এইটো খোৱা ৷
মিলি :- এইটো ললিপপ সকলোৱে কেনেকে খাব ?
বিত্তু :- তোমালোক সকলোৱে এবাৰ এবাৰ খোৱা পাছত মই খাম ৷
বিত্তুৰ কথা শুনি সকলোয়ে হাঁহি দিলে ৷
এই হাঁহিত নাই কোনো কৃত্রিম আছে অকল মৰম ভালপোৱাৰ আত্মপ্রকাশ ৷
আমি যিসকলে মাক দেউতাৰ ওপৰত নিজৰ বাজেট জাপি দিও , সেই সকলে কি এবাৰ ও চিন্তা কৰিছা নে সিহতৰ দিয়াৰ সামর্থ্য আছে কি না ৷
মধ্যবিত্ত পৰিয়ালৰ টকা নাথাকিলেও এটা বস্তু আছে যি ধনী মানুহৰ ও নাই ৷
আৰু সেইটো হ'ল প্রকৃত সুখ আৰু ভালপোৱা ৷
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন
⇨
⇨
নগাঁও অসম
⇨
⇨
Reviewed by Saddam Hussain
on
July 29, 2014
Rating:
No comments: