মূগাৰে মেখেলা চাদৰ সাজে বিহু নাচিব আহিবা তুমি এমুঠি মৰমলগা হাঁহিলৈ ।
ফাগুনৰ পচোৱা বতাহজাকত উমলিবা তুমি বিলাই দিবা মৰমৰ সুবাহ পুষ্প-কাননত ।
চিত্ৰলেখাই অনিৰুদ্ধৰ ছবি অকাৰ দৰে মই আকিম তোমাৰ ছবি ।
ভটিয়াই যোৱা নাৱৰীয়াৰ ভটিয়ালীৰ সুৰত মই শুনাপাওঁ তাতঁৰশালত বহি তুমি কাটিছা সূতা চেনাইলৈ দিবলৈ এখনি ফুলাম গাঁমোচা ।
ঢোল বজাওঁ, পেপা বজাওঁ, বজাওঁ ঐ বিহুতে ।
তুমি নাচনী ব'হাগৰ ব'হাগী নাচা ঐ বিহুতে ।
কুলিৰ মাতত ব'হাগ আহিল ফুলিল কপৌ মালতী ।
তুমি নাচনী মোৰে মৰমৰ নাচা ঐ বিহুতে ।
-
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ।
ব'হাগী
Reviewed by Saddam Hussain
on
April 17, 2018
Rating:
Reviewed by Saddam Hussain
on
April 17, 2018
Rating:

Moja lagise .. parile mor tat to jai sabo www.sipung.in
ReplyDelete