সমঅধিকাৰ মই নিবিচাৰো ,
মই সন্মানজনক অধিকাৰতে বিশ্বাসী ৷
পুৰুষৰ নিচিনা পোছাকত নাইবা ঘূৰি ফুৰাত সমতাৰ প্রয়োজন মোৰ নাই ৷
মই নাৰীত্বৰ ব্যক্তিত্ব লৈ মূৰ উঠাই জীয়াই থাকিব বিচাৰো ৷
মোক দেখি বাসনা নহয় সন্মানবোধ জাগি উঠক ৷
অৱলা নাৰী নাভাৱি শ্রদ্ধাবোধ জাগি উঠক মই তাতেই সুখী ৷
পুৰুষে মোক কি সমঅধিকাৰ দিব যেতিয়া সৃষ্টিকর্তাই মোক সিহঁততকৈ বহুত উচ্চ আসনত ঠাই দিছে ৷
কিন্তু যেতিয়াই মোৰ সন্মানত সামান্য আঘাত আহিব তেতিয়া এই কোমল চেহেৰাৰ মাজত ও " দেৱী দুর্গাৰ " প্রতি মুর্তি তুমি দেখিবলৈ পাবা ৷
তেতিয়া কিন্তু অৱলা বা অসহায় বুলি আমাক দবাই দিব নিবিচাৰিবা ৷
পাহৰি নাযাবা কিন্তু যোনে সৃষ্টি কৰিব পাৰে সি আকৌ ধ্বংস ও কৰিব পাৰে ৷
নাৰী এটি শক্তিৰ নাম ৷
নাৰীয়ে সৃষ্টিৰ আধাৰ ,
শক্তিৰ স্বৰূপ ,
সৃষ্টিকর্তাৰ অপৰূপ স্নিগ্ধ আৱৰণে আৱৰা সৃষ্টিৰ নাম ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
Reviewed by Saddam Hussain
on
March 15, 2015
Rating:
No comments: