"ঈদ" অনেক আনন্দৰ হয় ।
যোৱা 2 বছৰ ধৰি ঈদৰ আনন্দ কি মই তো পাহৰিয়েই গৈছো ৷
ঈদ বুলি যে এটা আনন্দৰ দিন আছে সেয়া মোৰ জীৱনৰ পৰা মছিয়ে গৈছিলে ৷
2 বছৰ আগৰ ৰোজাৰ ঈদটো মোৰ জীৱনত মনত ৰখাৰ নিচিনা দিনৰ ভিতৰত সর্বশ্রেষ্ঠ দিন আছিলে ৷
মই সি দিনা বহুত আনন্দত আছিলো ,
কাৰণ সি দিনা তুমি আছিলা মোৰ লগত ৷
মোৰ এতিয়াও স্পষ্টকৈ মনত পৰে সি দিনাৰ কথা ,
সেই দিনা খনৰ কথা মই কোনো দিন ও পাহৰিব নোৱাৰিম ৷
ঈদৰ কেইদিনমান আগত তুমি শ্বপিং কৰিব গৈ মোক বাৰে বাৰে ফোন কৰিছিলা
কি কিনিবা ,
কি ৰংৰ কাপোৰ ,
কুর্তা নে শাড়ী ?
পাগল কৰি পেলাইছিলা মোক ৷
মই তোমাক কৈছিলো শাড়ী কিনিব
তুমি কৈছিলা শাড়ী তুমি নিপিন্ধা
তাৰপিছত ও মোৰ কথা ৰাখিবৰ কাৰণে তুমি শাড়ী কিনিছিলা আৰু সেইটো পিন্ধিয়েই মোৰ লগত ফুৰিব গৈছিলা ৷
যদিও তুমি নীলা ৰং ভাল পোৱা নাছিলা তথাপিও সিদিনা তুমি নীলা ৰংৰ শাড়ী পিন্ধিছিলা ৷
নীলা ৰংৰ শাড়ীত তোমাক ৰাজকন্যাৰ নিচিনা দেখা গৈছিলে ৷
আৰু মই তোমাৰ ফালে চাই আছিলো অপলক দৃষ্টিত ৷
মন গৈছিলে যে এটি ক'লা ফুট লগাই দিও যাতে কাৰো চকু নালাগে মোৰ ৰাজকন্যাৰ ৷
তুমি যে অকল মোৰ ৷
মোৰ ভুল হৈছিলে যে মই সিদিনা ক'লা ফুট লগোৱা নাছিলো কাৰণেই তো আজি তুমি আন এজনৰ ৷
আজি তুমি ফোন কৰি মোক নোকোৱা নে ?
কি কিনিবা
শাড়ী নে কুর্তা ?
তোমাৰ মনত আছে নে মই এবাৰ তোমাক শাড়ী কিনি দিব বিছাৰিছিলো কিন্তু তুমি লোৱা নাছিলা পিছত মই আৰু কেতিয়াও তোমাক কোৱা নাছিলো ৷
মই তোমাক একো নোকোৱাত তুমি মোক কৈছিলা খং নকৰিবা ৷
ঠিক আছে মোক শাড়ী দিয়া কিন্তু মই নিদিও বুলি কৈ ও শ্বপিং মলত গৈ তোমাৰ কাৰণে শাড়ী খুজিছিলো ৷
তুমাৰ সেই কথাটো এতিয়াও মোৰ কাণত বাজি থাকে „„„„„
"yahh my husband "
কিমান শক্তিশালী আছিলে আমাৰ সম্পর্কটো ।
এই কেইদিনমানৰ ব্যৱধানত ইমান দূৰত্ব কেনেকে হ'ল আমাৰ মাজত ?
কেনেকে ইমান ভালপোৱাৰ পাছত ও তুমি মোক পাহৰি গৈছা ?
কেনেকে তুমি সকলো মিছা বুলি গুছি গৈছে ?
উফফ,,,,,,,,,,
বহুত মূৰ বিষাই আছে মই যে আৰু নোৱাৰিছো এই স্মৃতিবোৰয়ে মোক পাগল কৰি দিছে ৷
মই তোমাক বহুত বহুত ভালপাওঁ ৷
মই কোনো দিন ও পাহৰিব নোৱাৰিম তোমাক ৷
তেজপুৰ পার্কৰ সেই স্মৃতিবোৰয়ে প্রতিটো ৰাতি মোক কন্দোৱাই থৈ যায় আৰু দি থৈ যায় এটি বিষাদ ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
October 05, 2014
Rating:
No comments: